নাৰ্চৰী স্থাপন কৰাৰ নামত নামবৰ-দৈগ্ৰোং সংৰক্ষিত বনাঞ্চলত ব্যাপক বন ধ্বংস অব্যাহত। , গোলাঘাট ১৯ মাৰ্চ। বিশ্বৰ বিভিন্ন দেশত ভয়ংকৰ ভাৱে পৰিবেশ বিঘ্নিত হৈ অহা ঘটনাই মানৱ জাতিক শংকিত কৰি অহাৰ সময়তে গোলাঘাট জিলাৰ বিভিন্ন স্থানত এতিয়া বন ধ্বংসৰ এক অঘোষিত প্ৰতিযোগিতা চলিব ধৰিছে যদিও পৰিবেশ ৰক্ষাৰ দায়িত্বত থকা বনবিভাগটোৱেই এই বিলাক দেখিও নেদেখাৰ ভাওহে ধৰি অহা পৰিলক্ষিত হৈছে। সৌ সিদিনা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জিলাখনৰ বৰটিকা অঞ্চলক ক্ষুদ্ৰ গ্ৰাম্য অভয়াৰণ্য ৰূপে ঘোষণা কৰি পৰিবেশ ৰক্ষাত গুৰুত্ব আৰোপ কৰিছে যদিও জিলাখনত পূৰ্বতে থকা বনাঞ্চল সমূহত ধ্বংস যজ্ঞ এতিয়াও অব্যাহত আছে। উল্লেখ্য যে জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰভাৱত দেশৰ ভিতৰতে অন্যতম সংবেদনশীল ৰাজ্যত পৰিণত হৈছে অসম । দেশৰ ২৫ খন পৰিৱেশ সংবেদনশীল জিলাৰ ভিতৰত অসমৰ ১৫ জিলাও অতিশয় স্পৰ্শকাতৰ হিচাপে চিহ্নিত হৈছে। ইয়াৰ ভিতৰত গোলাঘাট জিলা স্থান হৈছে নৱম। ইমানৰ পাছতো গা লৰা নাই কেতিয়াও সংস্কাৰ হ’বলৈ নিবিচৰা গোলাঘাট জিলাৰ বিয়াগোম বনবিভাগৰ। জিলাখনৰ নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ গোলাঘাট বন সংমণ্ডলৰ অন্তৰ্গত মুৰফুলনি খণ্ড বন কাৰ্যালয়ৰ অধীনৰ বিজুলি বন শিবিৰৰ এলেকাধীন অঞ্চলত এতিয়া নিৰ্বিবাদে চলিব ধৰিছে বন ধ্বংস কাৰ্য। নাৰ্চৰী স্থাপন কৰাৰ নামত বিভাগটোৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ঠিকাদাৰে বন্যপ্ৰাণী অভয়াৰণ্য খনৰ গছ গছনী সমূহ এফালৰ পৰা কাটি তহিলং কৰাৰ কাৰ্যই প্ৰকৃতি প্ৰেমী সকলক উদ্বিগ্ন কৰি তুলিছে। প্ৰকাণ্ড প্ৰকাণ্ড গছ কাটি তহিলং কৰাৰ লগতে অগ্নিসংযোগ কৰি ঘাঁহ-বন ধ্বংস কৰি এতিয়া এনেদৰেই বন বিভাগৰ পৃষ্ঠপোষকতা চলিব ধৰিছে অবাধ বন ধ্বংসযজ্ঞ। এইক্ষেত্ৰত আজি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰিবেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে কয় যে বনবিভাগৰ পৃষ্ঠপোষকতাতেই সংঘটিত হোৱা এনে ধ্বংস কাৰ্য ৰোধ কৰা নহ'লে অতি শীঘ্ৰেই নামবৰ দৈগ্ৰোং অভয়াৰণ্য মৰুভূমি লৈ পৰিণত হ'ব।। March 19, 2023