অহা ৩০ এপ্ৰিল, ১ আৰু ২ মে'ত ৬২ সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনঃ উদযাপন সমিতি গঠন।ৰাজ্যখনৰে ঐতিহ্যমণ্ডিত গৌৰৱময় ৬১ টা বছৰ গৰকা গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি অহা ৩০ এপ্ৰিল,১ আৰু ২ মে'ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব । গোলাঘাট সমন্বয় ক্ষেত্ৰৰ মুকলি মঞ্চত বিগত বৰ্ষৰ ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ সভাপতি পূৰ্ণ ৰাজখোৱাৰ পৌৰাহিত্যত বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিগত বৰ্ষৰ উদযাপন সমিতিৰ অন্যতম সাধাৰণ সম্পাদক নিৰঞ্জন সোণোৱালে । বিস্তৃতভাৱে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে ৬১ সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সাধাৰণ সম্পাদক দিগন্ত কুমাৰ ভূঞাই । বিত্তীয় প্ৰতিবেদন পাঠ কৰে বিগত বৰ্ষৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কাৰ্যকৰী সভাপতি দেৱজিৎ ফুকনে । হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ কৰে আভ্যন্তৰীণ হিচাপ পৰীক্ষক ঋতুপল্লৱ শইকীয়াই । সম্পাদকীয় প্ৰতিবেদন,বিত্তীয় প্ৰতিবেদ,হিচাপ পৰীক্ষকৰ প্ৰতিবেদনৰ ওপৰত সভাত আলোচনা হোৱাৰ অন্তত সৰ্বসন্মসন্মতিক্ৰমে গৃহীত কৰে । প্ৰায় ৪৩ হাজাৰ ৰাহি ধনেৰে আগবঢ়োৱা প্ৰতিবেদনৰ সভাত সমবেত সকলোৱে একমুখে প্ৰশংসা কৰি উদযাপন সমিতিৰ সভাপতি,কাৰ্যকৰী সভাপতি,সাধাৰণ সম্পাদকদ্বয়ক ধন্যবাদ জ্ঞাপন কৰে । সভাত বিশিষ্ট শিক্ষাবিদ বীৰেণ শৰ্মা, গোলাঘাট হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° বন্তিৰাণী ফুকন,অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি পৰিক্ষীত দত্ত, জীনা বৰুৱা,সমাজকৰ্মী পৱন শইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক অভিৱৰ্তন গোস্বামী,সন্মিলনৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি দ্বীজেন বৰা আদিয়ে বিভিন্ন পৰামৰ্শ আগবঢ়ায় । সভাত পৰিক্ষীত দত্তক সভাপতি,শান্তনু শইকীয়াক কাৰ্যকৰী সভাপতি,অভিৱৰ্তন গোস্বামী,পাৰ্থজ্যোতি বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ ৬২ সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতি গঠন কৰে । সন্মিলনৰ অন্তিম দিনৰ কাৰ্যসূচী ২ মে'ত সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে অংশগ্ৰহণ কৰিব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Super Earth: NASA ने ढूंढा पृथ्वी जैसा ग्रह...2 सूरज, महासागर और जीव भी ? | #NASA
Super Earth: NASA ने ढूंढा पृथ्वी जैसा ग्रह...2 सूरज, महासागर और जीव भी ? | #NASA #SuperEarth
સુરતનાં નાના મોટા હીરાનાં કારખાનાઓ આજથી શરૂ થશે
સુરતમાં દિવાળીના એક સપ્તાહ પૂર્વથી વેકેશનનો પ્રારંભ કરનાર સુરતના 4000 જેટલા નાના અને મધ્યમ હરોળના...
Manipur Violence: मणिपुर में कैमरे में कैद महिलाओं को नग्न घुमाने की घटना, जानें उस दिन क्या हुआ?
Manipur Violence: मणिपुर में कैमरे में कैद महिलाओं को नग्न घुमाने की घटना, जानें उस दिन क्या हुआ?
ब्राजील की प्रथम महिला का X अकाउंट हैक, राष्ट्रपति लूला ने कहा- ऐसी हरकत बर्दाश्त नहीं करेंगे
ब्राजील की प्रथम महिला रोसांगेला लूला सिल्वा का मंगलवार को एक्स एकाउंट हैक हो गया। उनके एकाउंट से...
US News: अमेरिका में भारतीय मूल के विवेक तनेजा की हत्या, सीसीटीवी कैमरे में कैद वारदात; आरोपी की तलाश जारी
वाशिंगटन। अमेरिका से एक और हैरान करने वाली खबर सामने आ रही है। दरअसल, वाशिंगटन शहर के एक...