১৮ আৰু ১৯ মাৰ্চ দুইদিনীয়াকৈ অনুষ্ঠিত হৈছিল এই মেলাঃ

   বিটিচিৰ পৰ্যটন বিভাগে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ড্ৰীমলেণ্ড ৱাইল্ড ৰিজৰ্টত ১৮ মাৰ্চৰ পৰা ২ দিনীয়াকৈ অনুষ্ঠিত কৰিছিল গ্ৰাম্য পৰ্যটন মেলা ২০২৩। বিটিচিৰ পৰ্যটন বিভাগৰ বিষয়ববীয়াই জনোৱা অনুসৰি ২৫ লক্ষ টকা ব্যয়সাপেক্ষে অনুষ্ঠিত কৰিছিল এই মেলা। আজি দ্বিতীয় দিনত বিটিচিৰ চিফ প্ৰমোদ বড়োৱেও অংশগ্ৰহণ কৰে। সংবাদমাধ্যমৰ আগত প্ৰমোদ বড়োৱে কয় যে '' আগত কৈ বহুত ভাল দিন আহিছে। মানাহ ৰাষ্ট্ৰীয় উদ্যান যিহেতু এক উল্লেখনীয় ঠাই সেই বাবে মানাহত এই কাৰ্যসূচী হাতত লোৱা হৈছে। যিহেতু পৰ্যটন এটা বিভাগ আছে সেইবাবে প্ৰথমবাৰ বুলি বেছি জাকজমকতা কৰা নাই। এই মেলাৰ জৰিয়তে গ্ৰামাঞ্চলৰ বিভিন্ন থলুৱা খাদ্যভাৰ দেখুৱা হৈছে। পৰ্যটন বিভাগৰ লগতে আন বিভাগ সমুহো সমানে আগুৱাই নিব চেষ্টা কৰিব। প্ৰমোদ বড়োৰ লগতে উপস্থিত থাকে বিটিচিৰ পৰ্যটন বিভাগৰ ই এম ধৰ্মনাৰায়ণ দাস, ই এম গৌতম দাস, এমচিএলএ মন্টু বড়োৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উক্ত অনুষ্ঠানত উপস্থিত থাকে।