Salbari_Accident at Simla
শিমলা আৰক্ষী থানাৰ অন্তৰ্গত দাওধাৰাত মাইনা বজাৰ দংপাৰত সংঘটিত দুৰ্ঘটনাত নিহত হয় এগৰাকী যুৱক ।
চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ BP 2 B 0766 নম্বৰৰ ৰৈ থকা ডাম্পাৰত নিয়ন্ত্ৰন হেৰুৱাই AS-14K4384 নম্বৰৰ বাইক আৰোহী জনে খুণ্ডা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে যুৱকজনক চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত্যুমুখত পৰে যুৱকজন ।
নিহত যুৱকজন দংপাৰৰ মিথুন বসুমতাৰী বুলি জানিব পৰা গৈছে ।
মিথুন বসুনতাৰী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা বনাঞ্চলত বন কৰ্মী হিচাপে কৰ্মৰত অছিল ।
যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে |