গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত বক্তৃতানুষ্ঠান অনুস্থিত

গোলাঘাট ১৯ মাৰ্চ

 গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংস্হা 'জীৱন'ৰ সহযোগত কালি গোলাঘাট জাতীয় বিদ্যালয়ৰ পুথিভঁৰালত

এক বৌদ্ধিক অৱলোকনৰ অনুষ্ঠান 'অন্বেষণ ' নামকৰণেৰে এটি বক্তৃতানুষ্ঠান আৰু কবিতাৰ পৰ্যালোচনা অনুষ্ঠান অনুষ্ঠিত হয়। গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি অনিল শৰ্মা , শাখাৰ প্ৰাক্তন সভাপতি ক্ৰমে ডাঃ অজিত বৰুৱা,পুণ্যেশ্বৰ পূজাৰী, বেলা গোস্বামী,অপৰাজিতা বৰুৱা, শাখাৰ উপ-সভাপতি ৱাজিদুৰ ৰহমান, জিলাৰ উপ-সভাপতি গুণেন বৰা আদি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত নৱ-প্ৰজন্মৰ বিশজন সাহিত্যানুৰাগীয়ে গোলাঘাট শাখা সাহিত্য সভাৰ সদস্য ভৰ্তি হৈ অসমীয়া সাহিত্যৰ জগতখনলৈ কিছু সেৱা আগবঢ়োৱাৰ পোষকতা কৰে। নৱ-প্ৰজন্মৰ সাহিত্যানুৰাগীক গোলাঘাট শাখা সাহিত্য সভাই জড়িত কৰাৰ প্ৰশংসনীয় পদক্ষেপক সকলোৱে আদৰণি জনোৱাৰ লগতে শলাগ জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত নৱপ্ৰজন্মৰ কেইগৰাকীমান যুৱ সাহিত্যানুৰাগীৰ প্ৰতিনিধিত্বত কেইবাটাও বিষয়বস্তুৰ আধাৰত এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়।'বৰ্তমানৰ অসমীয়া সাহিত্যত নৱ্য-সামাজিক চিন্তাধাৰা' শীৰ্ষক বক্তৃতা প্ৰদান কৰে যাজ্ঞত্ৰী চুতীয়াই,'গোলকীকৰণৰ বিশ্বত অসমীয়া সাহিত্যৰ ভৱিষ্যত' শীৰ্ষক বক্তৃতা প্ৰদান কৰে নীলাভ নয়ন সন্দিকৈয়ে,'সাহিত্যত নৱ প্ৰজন্মৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তা আৰু এই ক্ষেত্ৰত পদক্ষেপ' শীৰ্ষক বক্তৃতা প্ৰদান কৰে নয়ন আকাশ বৰাই,'শৰ্মিষ্ঠা প্ৰীতমৰ সাহিত্য- সৰল বাস্তৱৰ অসাধাৰণ প্ৰতিফলন' শীৰ্ষক বক্তৃতা প্ৰদান কৰে অৰূপ তামুলীয়ে আৰু 'অসমীয়া সাহিত্যৰ বৰ্তমানৰ অৰ্থনৈতিক স্হিতি আৰু ভৱিষ্যত' শীৰ্ষক বক্তৃতা প্ৰদান কৰে অস্মিতা লাহনে। লগতে নৱপ্ৰজন্মৰ চাৰিগৰাকী কবিৰ চাৰিটা কবিতা পাঠ কৰাৰ লগতে কবিতাকেইটাৰ পৰ্যালোচনা আগবঢ়ায় বিশিষ্ট গ্ৰন্থ -সমালোচক অৰূপা নাথে। এই অনুষ্ঠানতে লেখিকা নীতিমা শৰ্মাৰ এখনি গ্ৰন্থ 'Sashi -the wealth behind the green ' উন্মোচন কৰে বিশিষ্ট উদ্ভিদ বিজ্ঞানী ডঃ পদ্মেশ্বৰ গগৈয়ে। অনুষ্ঠানটিৰ আঁত ধৰে শাখাৰ সম্পাদক বনশ্ৰী কাকতিয়ে।