অসমীয়া মানুহৰ ৰক্তৰে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ স্বতস্ফূত ভাৱে প্ৰবাহিত হৈ অহা অসমীয়াৰ গছ তলৰ বিহু সময়ৰ সোঁতত মঞ্চলৈ স্থানান্তৰিত হৈছে । মঞ্চত বিচাৰকৰ সুবিধা হোৱাকৈ বান্ধি লোৱা নীতি-নিয়ম আৰু তাৰ মাজতে বিহুৰ স্বকীয়তা আৰু গভীৰতাৰ বিষয়ে কণমানি সকলক আভাস দিয়াৰ লক্ষ্যৰে চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে এইবাৰো দহ দিনীয়া বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালাৰ আয়োজন কৰিছে । অহা ৩০ মাৰ্চৰ পৰা ১০ এপ্ৰিললৈ চিলাপথাৰ খনামুখ আঞ্চলিক যুৱ সংঘৰ প্ৰাংগনত অনুষ্ঠিত হ'ব লগা এই বিহু কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক হিচাপে ২০১২ বৰ্ষৰ লতাশিল বিহু সম্ৰাগী নিলাক্ষী বুঢ়াগোহাঁই, বিশিষ্ট ঢুলীয়া দীপক গগৈ, উদীয়মান ঢোলবাদক ভবেশ গগৈ আৰু ৰঞ্জন গোহাঁই উপস্থিত থাকিব । বিহু কৰ্মশালাৰ প্ৰ-পত্ৰ সমূহ আগতীয়াকৈ সংগ্ৰহ কৰিবলৈ চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় শ্বহীদ ভৱন নাইবা ৭০০২৩৩৯৩১৭, ৮৬৩৮৩৫৪৫১৭ নম্বৰত যোগাযোগ কৰিবলৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰমজিৎ গগৈ আৰু সাধাৰণ সম্পাদক পাপলু গগৈয়ে আহ্বান জনাই আৰু ছাত্ৰ-ছাত্ৰী সকলৰ অংশগ্ৰহণ লগতে চিলাপথাৰবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অজগৰ উদ্ধাৰ: এক ভয় লগা পৰিবেশ। ঘৰত প্ৰৱেশ অজগৰ, তাৰ পিছত...
অজগৰ উদ্ধাৰ : এক ভপি লগা পৰিবেশ । ঘৰত প্ৰৱেশ অজগৰ, তাৰ পিছত...
◾চাঞ্চল্য জলপাইগুৰি জিলাৰ...
જોન વાઇજ કર્મચારીઓની રેલી મહેસાણા
જોન વાઇજ કર્મચારીઓની રેલી મહેસાણા
Puri Jagannath Temple: भगवान जगन्नाथ मंदिर का खजाना खोला गया देखिए LIVE | Aaj Tak LIVE Hindi News
Puri Jagannath Temple: भगवान जगन्नाथ मंदिर का खजाना खोला गया देखिए LIVE | Aaj Tak LIVE Hindi News