Tihu, Bihu Workshop 

 অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ সমগ্ৰ অসমৰ লগতে নলবাৰী জিলাৰ টিহুৰ হাৰিভাঙ্গাত শনিবাৰৰ পৰা ৭ দিনীয়াকৈ বিহু কৰ্মশালাৰে চলিছে ৰঙালীক আদৰাৰ প্ৰস্তুতি ৷ ঢোল-পেঁপাৰ মাতত নাচনীৰ খোজৰ গিৰিপনিত উখল-মাখল হাৰিভাঙ্গাৰ চৌদিশ ৷ হাৰিভাঙ্গাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ উদ্যোগত অনুষ্ঠিত বিহু কৰ্মশালাত ব্যস্ত কণ কণ ছাত্ৰ-ছাত্ৰীৰ পৰা যুৱক-যুৱতী সকল ৷ ঢোল-পেঁপাৰ সুৰত কঁকাল ভাঙিছে বহুসংখ্যক নাচনীয়ে । হাৰিভাঙ্গাৰ কলীয়া গোঁসাই মন্দিৰ চৌহদত অনুষ্ঠিত কৰিছে সাত দিনীয়া বিহু কৰ্মশালা ৷ হেঁপাহৰ ৰঙালী বিহুটিৰ বাবে সকলোৰে মন প্ৰাণ মতলীয়া ৷ ঢোল-পেঁপাৰ শব্দত নাচনীৰ নাচত ৰজনজনাই আছে হাৰিভাঙ্গাৰ সমগ্ৰ অঞ্চল ৷ উক্ত বিহু কৰ্মশালা খন শুভ উদ্বোধন কৰে হীৰক জ্যোতি শৰ্মাই । উদ্বোধনী অনুষ্ঠানত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক ৰূপ কুমাৰ শৰ্মা , আঞ্চলিক পঞ্চায়তৰ সদস্য গোবিন্দ কলিতা, সাংস্কৃতিক কৰ্মী ৰমেন শৰ্মা আদি কেইবাজনো বিশিষ্ট লোকে অংশ লয় ।