গোলাঘাটক জিলাৰ ফৰকাটিংত বাঘৰ আতংক।

 গোলাঘাট ১৯ মাৰ্চ। 

গোলাঘাট জিলাৰ ফৰকাটিঙত আজি দিন দুপৰতে এটা নাহৰফুটুকী বাঘে আতংকৰ সৃষ্টি কৰি এগৰাকী মহিলাক গুৰুতৰভাৱে আহত কৰে। ফৰকাটিঙ চাৰিআলিৰ ১ নং তিৰুৱালত সংঘটিত হয় এই ঘটনা। জানিব পৰা অনুসৰি 

এখন ক্ষুদ্ৰ চাহ বাগানৰ পৰা খৰি আনিবলৈ যাওঁতে বাগনত আশ্ৰয় লৈ থকা এটা বাঘে আক্ৰমণ কৰে ভনী মিৰ্ধা নামৰ মহিলাগৰাকীক।আঘাতপ্ৰাপ্ত ভনী মিৰ্ধাক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত। 

বৰ্তমান মহিলাগৰাকী গোলাঘাটতে চিকিৎসাধীন হৈ আছে। March 19, 2023(1)