সভ্য সমাজক লজ্জানত কৰা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মৰাণৰ ৰাংচালিত । ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত ৩১৭ নং খোৱাং ৰাংচালি গ্ৰান্টৰ প্ৰকাশ আগৰৱালাৰ বাগিচাৰ এটি কুঁৱাত উদ্ধাৰ হয় এটি মৃত নৱজাতক ।

দিনৰ ভাগত বাগিচাত কাম কৰিবলৈ যোৱা শ্ৰমিকে কুঁৱাৰ পৰা পানী আনিবলৈ গৈ প্ৰত্যক্ষ কৰে নৱজাতক শিশুটিৰ মৃতদেহ । গাঁওৰক্ষী বাহিনীৰ লোকক খৱৰ দিয়াৰ পিছতে গাঁওৰক্ষী বাহিনীৰ লোকে আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰে ।

কোনো হৃদয়হীন লোকে নিকৃষ্ট কাণ্ড কৰি অৱশেষত বাগিচাৰ কুঁৱাত নৱজাতক শিশু পেলাই থৈ যোৱা বুলি সন্দেহ কৰা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।