কামৰূপৰ শ্ৰীশ্ৰী পিঙ্গলেশ্বৰ অৰ্দ্ধনাৰীশ্বৰ দেৱালয়ত ৰাইজৰ মঙ্গলাৰ্থে  ৯ ফেব্ৰুৱাৰীৰ পৰা শুভাৰম্ভ হোৱা শ্ৰীশ্ৰী মহাৰুদ্ৰ যজ্ঞ যোৱা ১২ ফেব্ৰুৱাৰীত পূৰ্ণাহুতি উচৰ্গাৰে সামৰণি পৰে। চাৰিদিন ধৰি উদ্ যাপন হোৱা যজ্ঞানুষ্ঠানত অঞ্চলৰ লগতে বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক ভক্ত-প্ৰাণ ৰাইজে নিজৰ অভীষ্ট  সিদ্ধি কামনাৰে অংশগ্ৰহণ কৰে । ইয়াৰোপৰি উদ্ যাপন সমিতিৰ উদ্যোগত এখনি স্মৃতিগ্ৰন্থ "পিঙ্গল" উন্মোচনী হয়। ৰাইজৰ সহযোগিতাত নিয়াৰিকৈ যজ্ঞ সমাপন হোৱাত আয়োজক সমিতিয়ে সন্তোষ প্ৰকাশ কৰিছে।।

#16/03/2023