*Slug_Damage Wood  bridge স্বাধীনতাৰ ৭৬ বছৰ অতিক্ৰম কৰিলে।কিন্ত্ত আজিলৈকে উন্নত নহল বৰমাৰ বিভিন্ন অঞ্চলৰ বাট পথ দলং।নিৰ্বাচন আহে আৰু যায় কিন্ত্ত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হয় ৰল।বাক্সা জিলাৰ বৰমা সমষ্টিৰ অন্তৰ্গত ভোকপুৰ-

মেদাখাটৰ পৰা বৰমা সংযোগী মূল গড়কাপ্তানী পথত থকা এখন ভগ্ন কাঠৰ দলঙে জীয়াতু ভুগাইছে অঞ্চলবাসীক ৰাইজক।

বহুবছৰ এই ভগ্ন দলঙেৰে বিপদসংকুল যাতায়ত অঞ্চলবাসীৰ।উক্ত ব্যস্ত পথটোৰে কেইবাটাও অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ লগতে শ শ লোকে আহ যাহ কৰে।ভগ্ন কাঠৰ দলংত সংঘটিত হৈছে কেইবাটাও সৰু-বৰ দুৰ্ঘটনা।

দীৰ্ঘদিনে দলং মেৰামতিৰ দাবী জনাই অহাৰ পিছতো কোনো এখন চৰকাৰেই গুৰুত্ব নিদিলে অঞ্চলবাসীৰ দুখ দুৰ্দশাৰ।।ভগ্ন দলংখন প্ৰতিবছৰেই বাহেৰে নিজে নিৰ্মাণ কৰি আহিছে অঞ্চলবাসীয়ে।ৰাইজে দাবী জনাইছে বিটিআৰ ৰ প্ৰমুখ প্ৰমোড বড়ো লগতে অসমৰ মুখ্যমন্ত্ৰী অতি ক্ষীঘ্ৰ দলং নিৰ্মাণৰ।