আজি নাজিৰাত নিপুণ অসমৰ অভিযানৰ অধীনত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ । শিৱসাগৰ জিলাৰ নাজিৰা শিক্ষা খণ্ডৰ অন্তৰ্গত শিৱবাৰী বাগিচা প্ৰাথমিক বিদ্যালয়ত ন-পাম বাৰুৱতী আৰু নামদাং মণ্ডল সমল কেন্দ্ৰৰ মুঠ ৫২ গৰাকী শিক্ষকক ১৫ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ ৪ দিনীয়াকৈ নিপুণ অসম অভিযানৰ অধীনত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকলক বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা জ্ঞানৰ ক্ষেত্ৰত উন্নত পাঠদানৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ন-পাম বাৰুৱতী মণ্ডলৰ সমন্বয়ক হিতেশ্বৰ কোঁৱৰে। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে শিৱবাৰী বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰিখেশ্বৰ গগৈয়ে । শিক্ষক সকলৰ সংকল্প গ্ৰহণৰ পাছতে আৰম্ভ হয় এই প্ৰশিক্ষণ কাৰ্যসূচী। উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে দায়িত্ব সম্পাদন কৰে অংগনা চেলেং আৰু প্ৰিয়াংকী বৰুৱাই। এই প্ৰশিক্ষণ গ্ৰহণৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সকলৰ ভাষীক আৰু সাংখ্যিকতাৰ ক্ষেত্ৰত উন্নত পাঠদান সম্ভৱ হ'ব বুলি আশা ব্যক্ত কৰি অসমৰ শিক্ষা বিভাগক কৃতজ্ঞতা জনায় শিক্ষক সকলে।নিপুণ অসম কাৰ্যসূচীৰ খণ্ড সমল ব্যক্তি জ্যোতি ফুকন আৰু নাজিৰা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক শৈলেন কলিতা উপস্থিত থাকে এই প্ৰশিক্ষণ কাৰ্যসূচীত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Jammu News: स्थायी होने की आस में बीत गई जिंदगी, बच्चों के सपने रह गए अधूरे
जम्मू। प्रदेश में विभिन्न विभागों में सेवाएं दे रहे 61 हजार अस्थायी कर्मचारियों का जीवन नियमित...
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম দিৱস উদযাপন।
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম দিৱস উদযাপন।
জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া, ইউৰেকা...
Saraswati Vaidya Murder: 'सरस्वती की हत्या नहीं की, उसने खुदकुशी की थी', आरोपी मनोज बोला- मैं HIV पॉजिटिव
महाराष्ट्र के ठाणे में हुए सरस्वती हत्याकांड के आरोपी ने अहम खुलासा किया है। पुलिस द्वारा पूछताछ...
जनावरांकरिता एक लाख लस उपलब्ध शिवसंग्राम चे आमटे यांची माहिती@india report
जनावरांकरिता एक लाख लस उपलब्ध शिवसंग्राम चे राजेंद्र आमटे यांची माहिती@india report
स्वर्ण पदक एवं कांस्य पदक जीतकर दाहोद और देश का नाम रोशन किया
22nd Asian Master Athletic Championship Philipines 2023 में आयोजित हुई जिसमें श्री सोमजी भाई...