মহানগৰীৰ ৰূপনগৰৰ অসম ৰাজ্যিক পৰিবহন নিগৰ ৱৰ্কশ্বপৰ সমীপত ভৰলু নৈৰ দলঙৰ তলত অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। 

নীলা জিনছ আৰু চাৰ্ট পৰিহিত এই মৃতদেহ উদ্ধাৰৰ বাবে ঘটনাস্থলত মহানগৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হয়।

আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডি এম চি এইচ্চলৈ প্ৰেৰণ কৰিছে।

মৃতদেহটো ৬-৭ দিন পূৰ্বৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

স্থানীয় লোকে দলঙৰ তলত উৱলি যোৱা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে।