# ঢকুৱাখনা জিলা মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা আৰু বঁটা বিতৰণ অনুষ্ঠান সফল সম্পন্ন #

ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা জিলা মহিলা মৰ্চাৰ তৃতীয়খন কাৰ্যনিৰ্বাহক সভাখন শুক্ৰবাৰে ঘিলামৰা মণ্ডল কাৰ্যালয়ত অনুষ্ঠিত হয়৷কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন কৰে সভানেত্ৰী সংগীতা বৰবৰা৷ইয়াৰ পাছতে বন্তি প্ৰজ্বলন কৰে জিলা সমিতিৰ উপ-সভানেত্ৰী তথা মহিলা মৰ্চাৰ প্ৰভাৰী ৰুমী গগৈ বাইদেউ৷ সভাখন সংগীতা বৰবৰাৰ সভানেত্ৰীত্ব অনুষ্ঠিত হোৱা সভাত লখিমপুৰ জিলা পৰিষদৰ সদস্যা তথা ঢকুৱাখনা জিলা মহিলা মৰ্চাৰ উপ-সভানেত্ৰী মঞ্জু বৰগোহাঁইয়ে ৰাজনৈতিক প্ৰস্তাৱ পাঠ কৰে৷আৰু আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বিভিন্ন ক্ষেত্ৰত স্বাৱলম্বিতাৰ দেখুওৱা চাৰি গৰাকী নাৰীক “সুষমা স্বৰাজ বঁটা” প্ৰদান কৰে৷ক্ৰমে:- ঢকুৱাখনা বিশিষ্ট লেখিকা তথা ২০০৮ চনৰ পৰা কৰ্কট ৰোগৰ সৈতে যুঁজি প্ৰবল আত্মবিশ্বাসেৰে সাহিত্যৰ জগতখনত খুঁপনি পুঁতি আগবাঢ়ি যোৱা পল্লৱিতা বৰুৱা,ঘিলামৰাৰ টমটম ৰিক্সা চালিকা কবিতা গগৈ,কৃষিৰ সৈতে জড়িত মনোৰমা গগৈ,বগীনদীৰ জৈৱিক কেঁচুসাৰ প্ৰস্তুতকাৰী ৰশ্মি সোনোৱালক সম্বৰ্ধনা জনায় ৷ইয়াৰ লগতে সভাত বৰ্তমান সময়ত সমাজবোৰত আইন বিৰোধী বাল্যবিৱাহৰ ওপৰত ভাষন আগবঢ়াই কল্পনা ভৰালী বাইদেউ৷সভাত উপস্থিত থাকে ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা,ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক ৰুক্মিণী কুলি পাতিৰ,জিলা মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা ৰীতা সোনোৱাল,পিংকু হাজৰিকা,ছ’চিয়েল মেডিয়াৰ তত্ত্বাৱধায়িকা পাৰুল বৰগোহাঁই,সহ আহ্বায়িকা দিপ্তী মিলি,সামাজিক কোষৰ আহ্বায়িকা কৰবী পেগু দলে,তিনিওটা মণ্ডলৰ সভানেত্ৰী-সম্পাদিকাৰ সৈতে মহিলা মৰ্চাৰ সকলো বিষয়ববীয়া উপস্থিত থাকি ৰাষ্ট্ৰীয় সংগীতেৰে সভাখন সামৰণি কৰে৷