দাৰিদ্ৰতাৰ স'তে সহাৱস্থান কৰা এটি পৰিয়ালৰ জীৱন সংগ্ৰামৰ জীয়া কাহিনীয়ে অন্তৰ আত্মাক জোকাৰণি তুলিছে।

ওদালগুৰি জিলাৰ কলাইগাঁৱৰ পাশ্বৱৰ্তী হাবিভাঙা গাঁও নিবাসী বিশেষভাবে সক্ষম প্ৰাপ্তবয়স্ক পুত্ৰ আৰু গাভৰু কন্যাৰ স'তে দুৰ্ভগীয়া মাতৃ শ্ৰীৰেৱতি বণিয়াই উৰুখা পঁজাত দুৰ্বীসহ জীৱন কটাবলগীয়া হৈছে। স্বামীৰ মৃত্যুৰ পিছত বিধৱা মহিলা গৰাকীয়ে দুবেলা দুসাঁজৰ বাবে জীৱন যুজঁত অৱতীৰ্ণ হবলগীয়াত পৰিছে। এটি প্ৰধানমন্ত্ৰী আৱাস গৃহৰ বাবে চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে তাত বাতি কাঢ়ি কৰ্কথনা; তুচ্চ তাচিল্যৰ সম্মুখীন হবলগীয়াত পৰিছে। তাহানিতে নিৰ্মাণ কৰা বিধ্বস্ত ইন্দিৰা আৱাস যোজনা গৃহটিত ভয়-শংকাৰ মাজত বিনিদ্ৰ ৰজনী কটাইছে দুৰ্ভগীয়া পৰিয়ালটি।