নতুন দিল্লী, ০৬ আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ আগষ্ট, দেওবাৰে নীতি আয়োগৰ পৰিচালক মণ্ডলীৰ এখন বৈঠকত সভাপতিত্ব কৰিব। বৈঠকখন নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হোৱাৰ কথা। বৈঠকত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহৰ মাজত বিভিন্ন বিষয়ত উন্নত সমন্বয়ৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হ'ব। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও নীতি আয়োগৰ বৈঠকত অংশগ্ৰহণ কৰিব।
কেন্দ্ৰ-ৰাজ্যৰ তিক্ত সম্পৰ্ক আৰু জিএছটিক লৈ হোৱা বিবাদৰ মাজতে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে দেওবাৰে নীতি আয়োগৰ এই বৈঠকৰ আয়োজন কৰা হৈছে। দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল বৈঠকত উপস্থিত থাকিব পা ৰে।