ৰহা মীন মহাবিদ্যালয় ত মহাবিদ্যালয়ৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় কৃষি গবেষণা পৰিষদৰ ৰাষ্ট্ৰীয় কৃষি উচ্চ শিক্ষা প্ৰকল্প ৰ সহযোগত ১২ দিনীয়া প্ৰশিক্ষণ ৰ শুভাৰম্ভ হয়। অনুষ্ঠানত অৰন্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি মহাবিদ্যালয় ত গছ পুলি ৰুপন কৰে।লগতে মহাবিদ্যালয় প্ৰেক্ষাগৃহ ত অনুষ্ঠিত সভাত পদ্মশ্ৰী পায়েঙে বন্তি প্ৰজ্বলন কৰাৰ লগতে সভা সম্বোধন কৰি কয় যে আমি প্ৰকৃতিক ভাল পাবলৈ শিকিব লাগিব আৰু আমি সকলো প্ৰকৃতি সংৰক্ষণ আৰু সুৰক্ষা ৰ বাবে গছপুলি লগাবলৈ আহ্বান কৰাৰ লগতে কয় যে আমি জন্মদিনত কেক কটাৰ পৰিবৰ্তে গছ পুলি ৰুব লাগে বুলি কয়।

    লগতে পদ্মশ্ৰী য়ে অসমৰ থলুবা মাছ সংৰক্ষণ কৰাৰ বাবে আহ্বান জনাই। ড° জিতেন শৰ্মা আঁত ধৰা সভাত অসম  কৃষি বিশ্ববিদ্যালয় খানাপাৰা পশু চিকিৎসা বিজ্ঞান বিভাগৰ গবেষণা সঞ্চালক ড° ধীৰেন্দ্ৰ নাথ ভট্টাচাৰ্য, ৰহা মীন মহাবিদ্যালয় ৰ ডীন ড° বিনোদ কলিতা, ৰহা মীন মহাবিদ্যালয় ৰ মীন সম্পদ ব্যবস্থাপনা বিভাগ ৰ মুৰব্বী অধ্যাপক ড° আয়ুব আলি লগতে মহাবিদ্যালয় ৰ অধ্যাপক, অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।