নতুন দিল্লী, ০৬ আগষ্ট কংগ্ৰেছৰ পূৰ্বৰ সভাপতি ৰাহুল গান্ধীয়ে শনিবাৰে কয় যে বিজেপিৰ শাসনকালত শান্তিপূৰ্ণ প্ৰদৰ্শন কৰাটো অবৈধ হৈ পৰিছে। বৃহস্পতিবাৰে কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে এজাহাৰৰ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গান্ধীয়ে কয় যে বৰ্তমানৰ চৰকাৰে প্ৰতিবাদ কৰা আৰু নিজৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰ অবৈধ ঘোষণা কৰিছে।

উল্লেখ্য যে মূল্যবৃদ্ধি, নিবনুৱা, জিএছটি আৰু অগ্নিপথ আঁচনিৰ বিৰুদ্ধে শুকুৰবাৰে সংসদৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ কংগ্ৰেছে ৰাজধানীত হোৱা প্ৰতিবাদক লৈ দিল্লী আৰক্ষীয়ে নতুন দিল্লী জিলাৰ তোঘলক ৰোড আৰক্ষী থানাত দুখন এজাহাৰ পঞ্জীয়ন কৰিছে। কংগ্ৰেছ নেতা আৰু কৰ্মীসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ইয়াত নেতাসকলক চৰকাৰী কামত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰিছে। প্ৰতিবাদত নমা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী আৰু সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীকে ধৰি কেইবাজনো নেতা আৰু প্ৰতিবাদকাৰীক দিল্লী আৰক্ষীয়ে আটক কৰিছিল। আৰক্ষীয়ে কয় যে ঘটনাটোৰ তদন্তৰ বাবে সকলো ভিডিঅ' ফুটেজ স্কেন কৰা হৈছে। ইয়াৰ ওপৰত আধাৰিত কৰি অভিযুক্তজনক চিনাক্ত কৰা হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব।