ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত এক্সিচ বেংক মৰাণ শাখাত পৰিচয় পত্ৰত অন্য লোকৰ ফটো ব্যৱহাৰ কৰি একাউণ্ট খুলি মাটি দালালে কেইবা লাখ টকা হৰলুকি কৰাৰ অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে মৰাণ আৰক্ষীয়ে। মৰাণৰ এক্সিচ বেংকত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ উপাধ্যায় উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ঘটনা অনুসৰি ভুক্তভোগী জৰ্জিনা বেগম নামৰ মহিলা গৰাকীৰ পৰা দালাল চফি আহমেদ আৰু মকছাদ খানে মাটিৰ পাৱাৰ অব এৰ্টনী অতি চলচাতুৰিৰে ব্যৱহাৰ কৰি এক কঠা চাৰি লুচা মাটি দুগৰাকী লোকক বিক্ৰী কৰিছিল। ইয়াৰ পিছতে এগৰাকী ক্ৰেতাই প্ৰায় ২২ লাখ টকাৰ এখন চেক জৰ্জিনা বেগমৰ নামত দিছিল। আৰু সেই টকা উলিয়াবলৈ দালাল চফি আহমেদ আৰু মকছাদ খানে জৰ্জিনা বেগমৰ নামত ভূৱা পৰিচয় পত্ৰ, জৰ্জিনা বেগমৰ ভূৱা চহী ব্যৱহাৰ কৰি এক্সিচ বেংকত একাউণ্ট খুলি সকলো টকা উলিয়াই নিয়ে। বৰ্তমান সময় লৈকে আৰক্ষীয়ে কোনো লোকক আটক কৰা নাই যদিও পূৰ্ণগতিত তদন্ত আৰম্ভ কৰিছে বুলি জানিব দিয়ে আৰক্ষীয়ে