আজি আন্তৰ্জাতিক নাৰী দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপিত হৈছে নাৰীসকলৰ এই বিশেষ দিৱসটি । খুমটাইৰ জয়া গগৈ মহাবিদ্যালয়ত অসম কলেজ শিক্ষক সংস্থাই কেন্দ্ৰীয়ভাৱে উদযাপন কৰিছে আন্তৰ্জাতিক নাৰী দিৱস। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত নাৰী দিৱস উপলক্ষে জয়া গগৈ মহাবিদ্যালয়ত সমৱেত হ'ল অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ অধ্যাপক । আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অনুষ্ঠিত হয় এক বিশেষ আলোচনা চক্ৰ। 'Innovation and Technology for Gender Equality' বিষয়ৰ আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে বক্তব্য আগবঢ়াই অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে।