◾যোৱাবাৰ অৱশ্যে গোল্ড কোষ্টত ব্ৰঞ্জৰ বাবে সন্তুষ্ট হ’বলগীয়া হৈছিল। গতিকে এইবাৰ তেওঁৰ লক্ষ্য আছিল সোণ। আৰু সেই সোণটো ধৰিবলৈ যুঁজৰ আৰম্ভণিতে সাক্ষীয়ে এটা ভুল কৰিছিল। প্ৰতিটো আক্ৰমণৰ লগে লগে সাক্ষীক তললৈ নমাই আন্নাই ২ পইণ্ট সংগ্ৰহ কৰে। প্ৰথম ৰাউণ্ডতো একে ভুল পুনৰাবৃত্তি কৰিলে সাক্ষীয়ে। ফলত তেওঁ পুনৰ ২ পইণ্ট হেৰুৱাবলগীয়া হয়। প্ৰথম ৰাউণ্ডত ০-৪ পইণ্টৰ ব্যৱধানত পিছ পৰি আছিল সাক্ষী। দ্বিতীয় ৰাউণ্ডত সাক্ষীয়ে ৪ পইণ্ট সংগ্ৰহ কৰি কানাডাৰ তাৰকাগৰাকীক (৪-৪) পৰাস্ত কৰি চূড়ান্ত খেলখনত জয়লাভ কৰে। লগতে সাক্ষীয়ে বাৰ্মিংহাম কমনৱেলথ গেমছৰ পৰা ভাৰতলৈ সোণ আনে ।

◾অৱশেষত তৃতীয় প্ৰচেষ্টাত সফলতা আহিল। সাক্ষী মালিকে বৰ্তমান চলি থকা কমনৱেলথ গেমছত (কমনৱেলথ গেমছ ২০২২) সোণৰ পদক লাভ কৰে । মহিলা ফ্ৰী ষ্টাইল ৰেছলিঙত ৬২ কেজি শাখাত সাক্ষীয়ে সোণৰ পদক লাভ কৰে। সোণৰ পদকৰ যুঁজত কানাডাৰ আনা গোডিনেজ গ’নজালেজক পৰাস্ত কৰে সাক্ষীয়ে। আৰু প’ডিয়ামলৈ যোৱাৰ পিছত এই মল্লযুঁজাৰুজনে সোণৰ পদকটো ডিঙিত ওলোমাই কান্দিছিল। ভাৰতৰ এই মল্লযুঁজাৰু জাতীয় সংগীত বজোৱাৰ সময়ত আৱেগিক হৈ পৰিছিল।

◾ইয়াৰ পিছতে ‘গোল্ডেন গাৰ্ল’গৰাকীয়ে সাংবাদিকৰ আগত কয়, "আগতে কমনৱেলথ গেমছত মই ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিলোঁ। গতিকে এইবাৰ বাৰ্মিংহামত ভৰি দিয়াৰ আগতে সোণৰ পদক লাভ কৰাৰ লক্ষ্য লৈছিলো। কাৰণ সোণৰ পদকৰ বিকল্প নাই। অৱশেষত মোৰ সপোন আহিল।" সঁচা। মই বৰ সুখী।"