আবেলি হোৱা এজাক বৰষুণত বুৰিল ছিপাঝাৰৰ দিপীলা-দুমুনিচকী পথ।

 ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটি এজাক বৰষুণ দিলেই  জীয়াতু ভুগিব লগীয়া হয় পথটিৰে অহা-যোৱা কৰা সাধৰন ৰাইজ , ক্ষুদ্ৰ ব্যৱসায়ী তথা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল ।

পথটিৰ এনে অৱস্থাৰ বাবে ৰাইজে জীয়াতু ভুগিবলগীয়া হোৱাটো সাধাৰণ কথাত পৰিণত হৈছে।

 উক্ত পথচোৱাৰ  বিশেষকৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দুমুনিচকীৰ পৰা প্ৰায় তিনি কিলোমিটাৰ পথ ক্ৰমে হৈ পৰিছে বিধ্বস্ত । ফলত বিগত দিন ধৰি  যমৰ যাতনা ভুগিব লগীয়া হৈছে যান-বাহনৰ লগতে পথচাৰী সকলে। কেইবাটাও অংশত এজাক বৰষুণ দিলেই পানী জমা হৈ পৰে এই পথটোত।

পথটোৰ দুয়োকাষে পানী ওলাই যোৱা নলা নথকাত পানী জমা হোৱা অংশত গধুৰ যান-বাহন দৈনিক অহা-যোৱা কৰাৰ ফলত পথটো জৰাজীৰ্ণ হৈ পৰে বুলি জনায় স্থানীয় ৰাইজে ।