ৰাখে হৰি মাৰে কোনে,মাৰে হৰি ৰাখে কোনে।যেন বাক্যশাৰীয়ে প্ৰতিপন্ন হ'ল বিশ্বনাথত। এক ভয়াবহ ঘটনা সংঘটিত হ'ল বিশ্বনাথ নগৰৰ শান্তিপুৰ ৫নং ৱাৰ্ডত।

শান্তিপুৰৰ নিবাসী অংকুৰ পাল নামৰ ব্যক্তি গৰাকীয়ে আজি বজাৰ কৰি নিজ চাইকেলেৰে ঘৰলৈ উভতি আহি থকা সময়তে হঠাৎ এখন ট্ৰাকত জিঅ ফাইবাৰৰ তাঁৰ লাগি বিদ্যুতৰ খুটা ভাঙি ব্যক্তিগৰাকীৰ ওপৰত খহি পৰে ৪৪০ ভল্টৰ বিদ্যুত পৰিবাহিত তাঁৰ।চাওক।

এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়চোৱাত বিদ্যুতৰ তাঁৰত সংযোক্ত আছিল বিদ্যুতৰ যোগান।লোকজনৰ চাইকেলখন সম্পূৰ্ণ ধংস হৈ গল যদিও সৌভাগ্য ক্ৰমে মৃত্যুৰ মুখৰ পৰা ৰক্ষা হয়। কিছু পৰিমানে লোকজন আহত হৈছে যদিও লগে লগে লোকজনক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত লৈ যোৱা হয় আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰি লোকজনক নিজ ঘৰলৈ লৈ অনা হয়।