অৱশেষত মুকলি আকাশৰ তলত মেধাৱী ছাত্ৰী প্ৰণিতা চুতীয়া| সামাজিক মাধ্যম ফেছবুকত আন পোষ্টত নিষিদ্ধ ঘোষিত সংগঠনৰ সমৰ্থনত মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল মৰাণৰ প্ৰতিভাসম্পন্ন বক্সিং আৰু উশ্বু খেলুৱৈ তথা মধাৱী ছাত্ৰী প্ৰণিতা চুতীয়া |
যোৱা ১৭ জুন তাৰিখে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানা অন্তগত ৰাইদঙ্গীয়া গাওঁৰ পদ্ম চুতীয়াৰ কন্যা আটক হৈছিল | প্ৰায় ডেৰ মাহৰ অন্তত যোৱা কালি চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশ আদালতে জামিন মঞ্জুৰ কৰা পাছত আজি শিৱসাগৰ জিলা কেন্দ্ৰীয় কাৰগাৰ পৰা মুকলি আকাশৰ তললৈ আহিল মেধাৱী ছাত্ৰী প্ৰণিতা চুতীয়া |
অহা ৭ আৰু ৮ আগষ্ট তাৰিখে গুৱাহাটীত অনুষ্ঠিত হব লগীয়া উশ্বু খেলত অংশগ্ৰহণ কৰিব ছাত্ৰী গৰাকীয়ে |