বৰ্তমান অত্যান্ত দুৰ্গন্ধই চানি ধৰিছে নলবাৰী জিলাৰ বৰভাগৰ পাণ্ডুলা চ’কটো৷মানুহে অকণমান জিৰণি লব নোৱাৰে বিষাক্ত গোন্ধটোৰ বাবে৷আনকি দোকানলৈ কিবা সামগ্ৰী নিবলৈ অহা লোকজনো দুৰ্গন্ধৰ বাবে সোনকালে যাৱলৈ তাগিদা দিয়ে৷উল্লেখ্য যে ঘগ্ৰাপাৰ দামোদৰধাম বিজুলীঘাট পথটো নিৰ্মাণ কৰোতে নিৰ্মাণকাৰী সংস্থাটোৱে পাণ্ডুলা চ’কতে থকা এটা ব্যক্তিগত পুখুৰীত জিও বেগ মাৰি গৰাল দিছিল৷বৰষুণৰ পানীত উক্ত জিও বেগৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰসে এবিধ ফেনৰ সৃষ্টি কৰিছে৷সেইফেন বিলাকৰ পৰাই চ’কটোত দুৰ্গন্ধ বিপয়পি পৰিছে৷ইতিমধ্যে পুখুৰীটোৰ পানীৰ ৰঙো সলনি হৈছে৷ইয়াৰ এটা ব্যৱস্থা নকৰিলে দুৰ্গন্ধই সাধাৰণ জনতাক ৰোগত পেলাব পাৰে বুলি ৰাইজে সংকা প্ৰকাশ কৰিছে৷

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं