ভাৰত ত্যাগ আন্দোলনৰ আশী সংখ্যক দিৱসটি এইবাৰ অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু শিৱসাগৰ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত তথা অসম চৰকাৰৰ সহযোগিতাত অহা ৯ আগষ্ট তাৰিখে শিৱসাগৰ নগৰৰ যুৱ দলত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোন্হন সমাৰোহ উদযাপন কৰা হব। এই সন্দৰ্ভত শিৱসাগৰ জিলা মুক্তি যুঁজাৰু সন্মিলনৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি বিশদ কাৰ্যসূচী সদৰী কৰে।পুৱা ৫ বজাৰ পৰা বিভিন্ন অনুষ্ঠানৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আৰু দিনৰ ১১ বজাত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমম্হনৰ মুকলি সভা মুক্তিযুঁজাৰু শ্ৰীকৃষ্ণ কান্ত লহকৰৰ সভাপতিত্বত অনুষ্ঠিত হব। সাংসদ তপন গগৈ,মন্ত্ৰী যোগেন মহন,ৰনোজ পেগু,অখিল গগৈ আদি উপস্থিত থাকিবলগীয়া এই স্মৃতি সমাৰোহত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক সচিৱ অনিমেষ তালুকদাৰ আৰু অখিল ভাৰতীয় মুক্তিুযুঁজাৰু সন্মিলনৰ প্ৰধান সম্পাদক নিত্যানন্দ শৰ্মাই নিৰ্দিষ্ট বক্তৰূপে উপস্থিত থাকিব বুলি আজি সংবাদ মেলত সদৰী কৰে।