গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত আজি জিলা গ্ৰামোন্নয়ন অভিকৰণৰ উদ্যোগত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ (দিশা) বৈঠক অনুষ্ঠিত হয় । দিশাৰ অধ্যক্ষ তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি উপস্থিত আছিল । সভাত ভাগ লৈ সাংসদ গৌৰৱ গগৈয়ে বিভিন্ন বিভাগৰ অধীনত জিলাখনত ৰূপায়িত উন্নয়নমূলক আঁচনিসমূহৰ কাম-কাজ তথা অগ্ৰগতিৰ বুজ লয় । বৈঠকত জিলা গ্ৰামোন্নয়ন অভিকৰণৰ দ্বাৰা ৰূপায়িত মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত জবকাৰ্ড প্ৰদান আৰু অন্যান্য কাম-কাজৰ খতিয়ান দাঙি ধৰা হয় । বৈঠকত সাংসদগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অমৃত সৰোবৰ প্ৰকল্প, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, পঞ্চদশ বিত্ত আয়োগ আদিৰ অধীনত হৈ থকা কাম কাজৰ খতিয়ান লয় । তেওঁৰ লগতে সাংসদ তাছাই জিলাখনত এম জি এনৰেগাৰ অধীনত হৈ থকা উদ্ভাৱনমূলক আঁচনিসমূহৰ শলাগ লয় । তেওঁ লোকনিৰ্মাণ (পথ), ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধীনত বিভিন্ন ঠাইত হৈ থকা পথৰ নিৰ্মাণ তথা উন্নীতকৰণ সন্দৰ্ভতো বুজ লয় । তেওঁ জল জীৱন অভিযান, স্বাস্থ্য, শক্তি আদি বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । বৈঠকত জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিন্সেংফা বৰুৱা, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, চলচ্চিত্ৰ প্ৰযোজক তথা দেৰগাঁও সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি নুৰুল চুলতান আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Netherland: 'डिजायनर जानवरों' को बचाने के लिए नीदरलैंड में कानून लाने की तैयारी, इसे पालने पर लगेगा प्रतिबंध
नीदरलैंड की सरकार 'डिजायनर जानवरों' को बचाने के लिए जल्द ही एक बिल लेकर आ रही है। इसके तहत चपटे...
‘મને મારી નાખ્યો હતો’, રવિન્દ્ર જાડેજાએ ટિકાકારોને આપ્યો જડબાતોડ જવાબ
ભારતીય ક્રિકેટ ટીમના ઓલ રાઉન્ડર રવિન્દ્ર જાડેજાએ કહ્યુ કે તે મેદાનની બહાર ચાલી રહેલા અફવાઓ ઉપર...
बूंदी रेलवे स्टेशन पर वंदे भारत ट्रेन का भाजपा कार्यकर्ताओं ने किया स्वागत
बूंदी । उदयपुर से आगरा के लिए चलने वाली वंदे भारत ट्रेन का संचालन सोमवार से बूंदी में शुरू हुआ ।...
ફતેપુરા વિધાનસભા ના આપ પાર્ટી ના આગેવાન પીનેશ ચારેલ સહિત 100 કાર્યકર્તા એ ભાજપ નો ખેસ પહેર્યો
ફતેપુરા વિધાનસભા વિસ્તારના સંજેલી તાલુકાના પીનેશભાઈ ચારેલ આમ આદમી પાર્ટીમાં અગાઉ પ્રચાર પ્રસાર...
દ્વારકાના ડિમોલેેસનને લઈને જુનાગઢ વિશ્વ હિન્દુ પરિષદ દ્વારા સરકારશ્રીને અભિનંદન આપતો પત્ર પાઠવ્યો
દ્વારકાના ડિમોલેેસનને લઈને જુનાગઢ વિશ્વ હિન્દુ પરિષદ દ્વારા સરકારશ્રીને અભિનંદન આપતો પત્ર પાઠવ્યો