গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত আজি জিলা গ্ৰামোন্নয়ন অভিকৰণৰ উদ্যোগত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ (দিশা) বৈঠক অনুষ্ঠিত হয় । দিশাৰ অধ্যক্ষ তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি উপস্থিত আছিল । সভাত ভাগ লৈ সাংসদ গৌৰৱ গগৈয়ে বিভিন্ন বিভাগৰ অধীনত জিলাখনত ৰূপায়িত উন্নয়নমূলক আঁচনিসমূহৰ কাম-কাজ তথা অগ্ৰগতিৰ বুজ লয় । বৈঠকত জিলা গ্ৰামোন্নয়ন অভিকৰণৰ দ্বাৰা ৰূপায়িত মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত জবকাৰ্ড প্ৰদান আৰু অন্যান্য কাম-কাজৰ খতিয়ান দাঙি ধৰা হয় । বৈঠকত সাংসদগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অমৃত সৰোবৰ প্ৰকল্প, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, পঞ্চদশ বিত্ত আয়োগ আদিৰ অধীনত হৈ থকা কাম কাজৰ খতিয়ান লয় । তেওঁৰ লগতে সাংসদ তাছাই জিলাখনত এম জি এনৰেগাৰ অধীনত হৈ থকা উদ্ভাৱনমূলক আঁচনিসমূহৰ শলাগ লয় । তেওঁ লোকনিৰ্মাণ (পথ), ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধীনত বিভিন্ন ঠাইত হৈ থকা পথৰ নিৰ্মাণ তথা উন্নীতকৰণ সন্দৰ্ভতো বুজ লয় । তেওঁ জল জীৱন অভিযান, স্বাস্থ্য, শক্তি আদি বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । বৈঠকত জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিন্সেংফা বৰুৱা, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, চলচ্চিত্ৰ প্ৰযোজক তথা দেৰগাঁও সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি নুৰুল চুলতান আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सूर्यग्रहण काळामध्ये आठवे ज्योतिर्लिंगाचे मंदिर दोन तास बंद
सूर्यग्रहण काळामध्ये आठवे ज्योतिर्लिंगाचे मंदिर दोन तास बंद
कोहरे का कोहराम: आगरा-लखनऊ एक्सप्रेसवे पर आपल में भिड़े पांच वाहन, तीन की मौत
सर्दियां शुरू हो गई हैं और साथ ही कोहरे ने अपना कोहराम मचाना भी शुरू कर दिया है। आगरा-लखनऊ...
CBSC ত দ্বাদশ শ্ৰেণীলৈ অসমীয়া মাধ্যমত শিক্ষা দিয়াৰ সিদ্ধান্তক পাট সাকোত আদৰণি জনাই আহোম জাতীয় গণমঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ।
আহোম জাতীয় গণমঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক অকণ ভূঞাই CBSC ত অসমীয়া মাধ্যমত...
US Presidential Election: ट्रंप के मुकाबले कमला हैरिस का लगातार बढ़ रहा समर्थन, पूर्व राष्ट्रपति के पक्ष में सिर्फ 37% समर्थक
वॉशिंगटन। अमेरिकी राष्ट्रपति चुनाव में डेमोक्रेट प्रत्याशी कमला हैरिस चुनावी सर्वे में अपने...