সদ্যঘোষিত উত্তৰ পূৰ্বাঞ্চলৰ নিৰ্বাচনী ফলাফলক লৈ মন্ত্ৰী যোগেন মহনে মন্তব্য কৰে যে, উত্তৰ -পূবাঞ্চলৰ উন্নয়ণ তৰান্বিত হোৱাৰ বাবে ৰাইজে বিজেপিক আঁকোৱালি লৈছে ।উত্তৰ -পূৰ্বাঞ্চলৰ তিনি ৰাজ্য ক্ৰমে নাগালেণ্ড মেঘালয় আৰু ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনী ফলাফলত বিজেপি আৰু মিত্ৰদলসমুহে অভাৱনীয় বিজয় সাব্যস্ত কৰাত সন্তুোষ প্ৰকাশ কৰিছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। আজি মৰাণ হাটত মন্ত্ৰীজনে কয় যেপূৰ্বৰ তুলনাত বিজেপি চৰকাৰৰ আমোলত উত্তৰ পূৰ্বাঞ্চলৰ গতি তৰান্বিত হোৱাৰ বাবেই সাধাৰণ ৰা ইজে বিজেপি চৰকাৰক আকোঁৱালি লৈছে। আগন্তুক লোকসভা নিৰ্বাচনতো বিজেপি দলে ভাল ফল দেখুৱাতো নিশ্চিত বুলি মন্তব্য কৰে মন্ত্ৰীজনে।