কছাৰীহাটত মৃতদেহ উদ্ধাৰ গোলাঘাট চহৰৰ নিকটবৰ্তী কছাৰীহাট ৰাইদঙ্গীয়াত পথাৰৰ মাজৰ পৰা আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পাছত মৃতদেহ টো কছাৰীহাট গাৱৰ ফণীধৰ হাজৰিকাৰ পুত্ৰ পাৰ্থজিত হাজৰিকাৰ বুলি চিনাক্ত কৰা হয়। উল্লেখযোগ্য যে কালি নিশা ১০ বজাৰ পৰা( ২ মাৰ্চ) তেওঁ নিৰুদ্দেশ হৈ আছিল । আৰক্ষীয়ে মৃতদেহৰ নাতিদূৰত কীটনাশক ঔষধৰ বটল,গিলাচ, ৰসগোল্লা,লালমোহন আদি পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এয়া আত্মহত্যা নে পৰিকল্পিত হত্যা কাণ্ড সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে জানিব পৰা যাব।