গোলাঘাট চাউদাংপথাৰত মৌ-পালনৰ প্ৰশিক্ষণ আৰু সামগ্ৰী বিতৰণ :গোলাঘাট : ২ মাৰ্চ ডিজিটেল সংবাদ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগতত্ত্ব বিভাগৰ সৰ্বভাৰতীয় সমম্বিত মৌ-মাখি আৰু অণ্য পৰাগ সংযোগকাৰী কীট পতংগৰ গৱেষণা প্ৰকল্পৰ উদ্যোগত গোলাঘাটৰ চাউদাংপথাৰত এখনি এদিনীয়া মৌ-পালন প্ৰশিক্ষণ অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত প্ৰকল্পটোৰ মুখ্য বিজ্ঞানী ড°মুকুল ডেকাৰ লগতে কণিষ্ঠ বিজ্ঞানী প্ৰাৰ্থপ্ৰতীম জ্ঞানোদয় দাস ; আৰু সহযোগী কুটুবুৰ্দ্দিন আহমেদ উপস্থিত থাকে ৷ এই প্ৰশিক্ষণ কায্যসূচীত মৌ পালনৰ বিভিন্ন আনুসাংগিক দিশত বিষদভাবে আলোচনা কৰা লগতে উল্লেখিত অঞ্চলৰ ২০ গৰাকী উদ্যোগী মৌ-পালকক মৌ-বাকচ ; মৌ জাকৰ সঁচকে ধৰি বিভিন্ন সামগ্ৰী টি এছ পি অনুদানৰ অধীনত প্ৰদান কৰা হয় ৷ প্ৰশিক্ষণস্থলীত উপস্থিত থকা গোলাঘাটৰ কমাৰবন্ধাৰ প্ৰগতিশীল মৌ -পালক তনুৰাম বৰাৰ সাৰুৱা ভাষণেৰে অনুষ্ঠান সামৰণি মৰা হয় ,৷