পাৱাৰলুমৰ বিৰূদ্ধে গোলাঘাটত অভিযান হস্ত তাত বিভাগৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতেই গা লৰিল গোলাঘাটৰ হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ । মূখ্যমন্ত্ৰীৰ চোকা নিৰ্দেশৰ পিছতেই আজি পাৱাৰলুমৰ গামোচা বিচাৰি গোলাঘাটৰ বজাৰত দোকানে দোকানে হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগে মাৰাথান অভিযান চলায় । আজি বিয়লি গোলাঘাট জিলা প্ৰশাসন,হস্ত তাঁত বস্ত্ৰ শিল্প,বিক্ৰী কৰ বিভাগে যৌথ অভিযান চলাই গোলাঘাটৰ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা উদ্ধাৰ কৰে পাৱাৰলুমৰ গামোচা। অভিযান কালত পাৱাৰ লোমৰ গামোচা বিক্ৰী কৰা ব্যৱসায়ীক সকিয়নী প্ৰদান কৰে বিভাগীয় কৰ্তৃপক্ষই। লগতে পাৱাৰ লোমৰ গামোচা বিক্ৰী কৰা ব্যৱসায়ীক আইনী ভাবে ব্যৱস্থা লোৱাৰ কথা জানিবলৈ দিয়ে অভিযানকাৰী দলটোৱে। গামোচাৰ লগতে যন্ত্ৰচালিত মেখেলা চাদৰ আৰু আৰ্নাইৰ বিৰুদ্ধেও অভিযান চলাই দলটোৱে। পাৱাৰলুমৰ বিপক্ষে ৰাজ্য চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই গ্ৰহণ কৰা এই পদক্ষেপে নিশ্চিত ভাবে শিপিনীৰ মুখত হাঁহি বিৰিঙোৱাৰ সম্ভাৱনা আছে।