অসম মিলেট মিছন' আঁচনিৰ অধীনত যোৰহাট জিলাৰ এলেংমৰা কৃষি চক্ৰৰ অধীনস্থ উপৰ গৰুমৰাত উত্তৰ পশ্চিম যোৰহাট কৃষক উৎপাদক কোম্পানীৰ সহযোগত ফক্সটেইল মিলেট খেতি সন্দৰ্ভত এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে কৃষি বিভাগ, নাবাৰ্ড আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ বিষয়াসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বীজ সিচাঁ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। 

তদুপৰি, স্থানীয় গাঁওবুঢ়াৰ উপস্থিতিত পিএম কিষাণ আচঁনিৰ অভাৱ-অভিযোগৰ বুজ লোৱাৰ লগতে সংশোধন আৰু দস্তাবেজ সংগ্ৰহৰ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হয়।