চৰাইদেউ জিলাৰ চেপন আৰক্ষী চকীৰ অন্তৰ্গত তথা নিজ খালৈঘোগুৰা আৰু সমীপৰে উৰিয়াঘাটৰ দিচাং নদী দুটাকৈ মৃতদেহ উদ্ধাৰ । উৰিয়াঘাটত শামুক ধৰিবলৈ গৈ শুক্ৰবাৰে দিচাং নদীত সন্ধানহীন হোৱা মামনি কৈৰী (৫৫) নামৰ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ হয় । দিচাং দলঙৰ পৰা প্ৰায় এশ মিটাৰ নিলগত লাকুৱা চাহ বাগিচাৰ মণি বাউৰী (৫০)আৰু মামনি কৈৰী (৫৫) নামৰ দুগৰাকী মহিলাই শুক্ৰবাৰে আবেলি শামুক বুটলি থাকোঁতে মামনি কৈৰী নামৰ মহিলা গৰাকীক সোঁতে উটুৱাই লৈ যায় । শুক্ৰবাৰৰ পৰা SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আজি মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আনহাতে নিজ খালৈঘোগুৰাত দিচাং নদীত এজন অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ হয় । অৰ্ধগলিত মৃতদেহ নদীত উটি অহা প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়াত চেপন আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে । মৃতদেহ দুটি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰিছে।