শিৱসাগৰ জিলাৰ যান-বাহন বিভাগে অনতিপলমে আৰম্ভ কৰিব ই-চালান।যান-বাহন আইন ভংগকাৰী সকলে এতিয়াৰ পৰা জৰিমনা অন-লাইন পৰিশোধ কৰিব পাৰিব।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই আজি আৰক্ষী অধীক্ষক কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি এই কথা সদৰী কৰে।এতিয়াৰ পৰা কোনো লোকে যান-বাহন আইন ভংগ কৰিলে আৰক্ষীয়ে লোৱা ব্যৱস্থা সন্দৰ্ভত আইন ভংগকাৰীৰ ব্যক্তিগত ম'বাইললৈ যাৱতীয় জৰিমনাৰ তথ্য প্ৰেৰণ কৰা হ'ব। উক্ত তথ্যত কিয়,কেতিয়া,কেনেকৈ তেওঁ যান-বাহন আইন ভংগ কৰিলে সেই সন্দৰ্ভত বিশদ বিৱৰণ থকাৰ লগতে তেওঁ ই-চালান চাইটত গৈ উক্ত আইন ভংগৰ ফটো পৰ্যন্ত লাভ কৰিব বুলি অধীক্ষক গৰাকীয়ে সংবাদ মেলত জানিব দিয়ে।

তেওঁ ৰাইজক এই দিশত সজাগ হ'বলৈ আহবান কৰি কয় যে এই ই-চালান জৰিমনা সংগ্ৰহৰ বাবে নহয় কিন্তু ৰাইজক যান-বাহন আইন ভংগ নকৰিবলৈ এক আহবান।