কলাই গাঁৱৰ এখন দলংৰ বাবে জীয়াতু ভুগিছে বৃহত্তৰ কলাইগাও অঞ্চলবাসী ৰাইজে।

 কলাই গাঁৱৰ টাউনৰ মাজমজিয়াত কলাই গাঁও দৈনিক বজাৰৰ পৰা মংগলদৈ ভূতিয়াচাং পথ সংযোগী নোৱা নৈৰ ওপৰত থকা এখন দলং সম্পূৰ্ণ ৰূপে বিধ্বস্ত হৈ পৰিছে । কবলৈ গলে দলং নে শাকো ধৰিবই নোৱাৰি । উল্লেখযোগ্য যে, দুটা সমষ্টিৰ অন্তৰ্গত এফালে ৬৫ নং কলাই গাঁৱ বিধানসভা সমষ্টি , আনহাতে বি টি আৰ চৰকাৰৰ মূদৈবুৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নোৱা নৈৰ ওপৰত থকা দলংখন আজিলৈ হৈ নুঠিল । স্হানীয় ৰাইজে বহুবাৰ MP , MLA ,EM ক দলংখন ৰ বিষয়ে অৱগত কৰাৰ পিছতো আজিলৈ দলংখন হৈ নুঠাত ক্ষোভ প্ৰকাশ কৰে । দলং খন নথকাৰ বাবে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে বজাৰলৈ আহা যোৱা কৰা লোকে চহৰ খনৰ মাজ-মজিয়াত থকা অন্য এখন দলঙেৰে অহা যোৱা কৰিব লগীয়া হৈছে যাৰ ফলত চহৰ খনত তিব্ৰ যান-যতৰ লগতে বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। স্হানীয় ৰাইজে চৰকাৰলৈ আহ্বান জনায় যাতে যিকোনো প্ৰকাৰে দলংখন নিৰ্মাণ কৰি ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰে । সমান্তৰালভাৱে আমাৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছত চৰকাৰে বিষয়টো ৰ ওপৰত কি ধৰণৰ ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যনীয় ।