বৰ্ষ  ২০২৪ত বাৰপূজীয়া শাখা সাহিত্য সভাৰ আহ্বানত প্ৰতি সহাৰি জনাই অসম সাহিত্য সভাই ২০২৪বৰ্ষত মধ্যকালীন অধিবেশন ঐতিহাসিক বাৰপূজীয়াত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰাৰ পাছত অঞ্চল ৰাইজ তথা সাহিত্য প্ৰেমী উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।

  ইতিমধ্যে বাৰপূজীয়া শাখা সাহিত্য সভাই অধিবেশনৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে বাৰপূজীয়া শাখা সাহিত্য সভাই বিভিন্ন ব্যক্তি, দল,সংগঠনৰ লগত মিলিত হৈ অধিবেশন প্ৰস্তুতি সন্দৰ্ভত দিহা পৰামৰ্শ লৈ আগ বাঢিছে।

    লগতে  বাৰপূজীয়া সাহিত্য সভাৰ  কাৰ্যালয় ত  শাখা সভাপতি ডা.প্ৰদীপ কুমাৰ ডেকাৰ সভাপতিত্বত সাংবাদিক সকলৰ লগত প্ৰাক প্ৰস্তুতি সন্দৰ্ভত অনুষ্ঠিত সৌহাদ্যপূৰ্ন আলোচনা  সভাত মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি বিৰিঞ্চি শৰ্মা,ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা,সম্পাদক পংকজ কুমাৰ বৰা,সাংবাদিক বুলন চন্দ্ৰ নাথ,ভবজ্যোতি ডেকা,ৰাতুল ডেকা,ফৰিদূৰ ইউনুছ,মানস কুমাৰ নাথ ধৰি মৰিগাঁও, ৰহা আৰু বাৰপূজীয়া সাংবাদিক সকলৰ লগত বাৰপূজীয়াত অধিবেশন অনুষ্ঠিত কৰিবৰ বাবে লোৱা সিদ্ধান্ত ৰ আদৰণি জনোৱা ৰ লগতে অধিবেশন সাফল্যমণ্ডিত হোবাৰ বাবে লবলগীয়া কাৰ্য্যপন্থাৰ ওপৰত নিজৰ পৰামৰ্শ আগবঢ়োৱা ৰ লগতে সাংবাদিক সকলৰ ফালৰ পৰা সহায় সহযোগিতা  আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিয়ে।

সভাত বাৰপূজীয়া সাহিত্য সভাৰ প্ৰাক্তন  সভাপতি পুতুল চন্দ্ৰ ডেকা,প্ৰাক্তন সম্পাদক হেমন্ত কুমাৰ নাথ,জিলা প্ৰতিনিধি কেশব চন্দ্ৰ লাহন,শাখা সাহিত্য সভাৰ সাংস্কৃতিক সভাপতি বিমল চন্দ্ৰ ডেকা,হেমন্ত শইকীয়া ,ফনী ভূষন দেউৰী উপস্থিত থাকে।