ৰহা স্থিত অগ্নিনিৰ্বাহক ৰ উদ্যোগত আজি দিনৰ ১০.৩০বজাত ৰহা মজলীয়া বিদ্যালয় ত প্ৰত্যেক দেওবাৰে শিশু অনুষ্ঠান অকনিৰ কবিতা ঘৰ, অসম দ্বাৰা অনুষ্ঠিত সংগীত বিদ্যালয় ৰ কন কন শিশু সকলৰ ৰ লগতে অবিভাবক অবিভাবিকা,শিক্ষক, শিক্ষয়ত্ৰী আৰু ৰহাত দেওবাৰে অনুষ্ঠিত হব লগা সাপ্তাহিক বজাৰৰ শতাধিক ৰাইজৰ মাজত ৰহা স্থিত অগ্নিনিৰ্বাহক বাহিনীৰ এলএফএম নিতুমনী নাথ,কন্চটেবল তুলেন দলে,অনুপম নাথ এচডিআৰএফ অজয় হোকাই সহ উপস্থিত হোবা দলে জৰুৰীকালীন সময়ত লব লগা পদক্ষেপ আৰু সাবধানতা আৰু ঘৰত ব্যবহৃত গেছ চিলেন্ডাৰ তথা ৰেগোলেটৰাত জ্বুই লাগিলে কিদৰে অগ্নি নিৰ্বাপিত কৰিব পাৰে তাকলৈ মূকড্ৰিল কৰি অবগত কৰাৰ লগতে বানপানী ৰ সময়ত লাইফ জাকেট ৰ ব্যবহাৰ আৰু পৰিধান কৰি জীবন ৰক্ষা কৰিব পাৰি আৰু বানপিডীত সকলক উদ্ধাৰৰ বাবে লব লগা পদক্ষেপ আৰু আহত লোক সকলক কিদৰে উদ্ধাৰ কৰিব পাৰে তাকলৈ বিস্তৃত ভাবে অবগত কৰি ৰাইজৰ মাজত সজাগ কৰে।ৰহা অগ্নিনিৰ্বাহক বাহিনীৰ দ্বাৰা লোবা পদক্ষেপক স্থানিয় ৰাইজে ভৰপুৰ প্ৰশংসা কৰে।
সজাগতাত অকনিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান পৰিচালক তথা
শিশুপ্ৰিয় অবনী কুমাৰ শইকীয়া,প্ৰধান সম্পাদক ৰন্টু মুদৈ,সহ সম্পাদক ৰিতু দাস,সাংস্কৃতিক কৰ্মী জয়ন্ত দাস ৰ লগতে কবিতা ঘৰ অসমৰ ছাত্ৰ ছাত্ৰী,অবিভাবক,অবিভাবিকা,শিক্ষক, শিক্ষয়ত্ৰী সকলৰ লগতে শতাধিক ৰাইজ উপস্থিত থাকে।