সোণালী সূতা উৎপাদনকাৰী মুগা অসমৰ একচেটিয়া সম্পদ। বৰ্তমান বিশ্বৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰিছে মুগাৰ চাহিদা। তেনে সময়তে টিংখাঙৰ এখন গাঁৱত শতাধিক পৰিয়ালে এৰি আৰু নুনি পলু পালনেৰে সোনসেৰীয়া জীৱনৰ সপোন ৰচিছে । টিংখাঙৰ বগৰিগুৰি বৰবাম গাঁৱৰ মহিলাসকলে এৰি পলু আৰু নুনি পলু পালনেৰে নিদৰ্শন দাঙি ধৰিছে। গাঁওখনৰ এইসকল মহিলাই নিজে স্বাৱলম্বী হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে । নিজৰ ঘৰৰ বাৰীত কেছেৰো, এৰেনা, নুনি গছ ৰোপণ কৰি পালন কৰি আহিছে এনেধৰনৰ পলু পালন । বগৰিগুৰি বৰবাম গাঁৱৰ ১৫৩ টা পৰিয়ালৰ ভিতৰত শতাধিক পৰিয়ালে এৰি পলু পালন কৰে । ইফালে একাংশ মহিলাই নুনি পলু পালন কৰি পাতৰ সুতা প্ৰস্তুত কৰাৰ লগতে পাতৰ কাপোৰো তৈয়াৰ কৰে । এৰি কাপোৰ অথৱা পাটৰ কাপোৰৰ আদৰ বিশ্বসমাদিত । এনে কাপোৰৰ সুতা নিজ ঘৰতে উৎপাদন কৰে মহিলাসকলে । পলু লেটা খাদ্যৰ বাবে বিক্ৰি কৰি প্ৰতিগৰাকী মহিলাই লক্ষ্যধিক টকা উপাৰ্জন কৰি আহিছে । পলু লেটা বিক্ৰিৰ বাবে সমস্যা সৃষ্টি হোৱা নাই মহিলাসকলৰ । পলু অথৱা পলু লেটা বিচাৰি বিভিন্ন ঠাইৰ পৰা বেপাৰী আহে গাঁওখনলৈ । একাংশ মহিলাই গোট আকাৰে একত্ৰিত হৈ পলু পালন কৰিছে আন কোনোবাই আকৌ ব্যক্তিগত ভাৱে কৰিছে পলু পালন । মহিলাসকলৰ এই কৰ্মক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৰেচম বিভাগ । যুৱ প্ৰজন্মই কর্মসংস্থাপন বিচাৰি হাবাথুৰি খােৱাৰ সময়তে এৰি পলু পালন, নুনি পলু পালনেৰে গাঁওখনৰ মহিলাসকলে দেখুওৱাই প্ৰচুৰ সম্ভাৱনা ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত কৃষিৰ যান্ত্ৰিকীকৰণ বিষয়ক দুদিনীয়া প্ৰশিক্ষণৰ সামৰণি
আজিৰ খবৰ, গুৱাহাটী , ৯ আগষ্ট, ২০২২ : অসম চৰকাৰৰ কৃষি বিভাগৰ এপাৰ্ট প্ৰকল্পৰ উদ্যোগত গুৱাহাটীৰ...
ડીસા ની આદર્શ વિદ્યા સંકુલ માં ત્રિ-દિવસીય વ્યાખ્યાનમાળા નું આયોજન કરવામાં આવ્યું || JKS NEWS
ડીસા ની આદર્શ વિદ્યા સંકુલ માં ત્રિ-દિવસીય વ્યાખ્યાનમાળા નું આયોજન કરવામાં આવ્યું || JKS NEWS
A great News Additional 200.32 sq km area has been added to Orang National Park as 2nd addition.
A great News Additional 200.32 sq km area has been added to Orang National Park as 2nd addition....
মৰাণ লাচিত নগৰৰ বৰ নামঘৰৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে তিৰঙ্গা ৰেলী
মৰাণ লাচিত নগৰৰ বৰ নামঘৰৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে তিৰঙ্গা ৰেলী