গোলাঘাট সদৰৰ সাংবাদিকৰ সৈতে নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনৰ সৌহাদ্যমূলক মত বিনিময়
_________________
গোলাঘাট,২৬ ফেব্ৰুৱাৰীঃ আজি গোলাঘাটৰ সদৰৰ সাংবাদিক সকলৰ সৈতে নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনৰ এক সৌহাদ্যমূলক মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। । গোলাঘাট নগৰৰ হোটেল হামদৈত আজি গোলাঘাট সদৰৰ ছপা মাধ্যম আৰু বৈদ্যুতিক মাধ্যমৰ সাংবাদিকসকলৰ সৈতে শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনে জ্যেষ্ঠ বিষয়াসকলক লগত সৌহাদ্যমূলক আলোচনাত মিলিত হয় । বিশেষকৈ তেওঁ শোধনাগাৰৰ ৩ মেট্ৰিকটনৰ পৰা ৯
মেট্ৰিকটন শোধন ক্ষমতাৰ কাম কাজৰ অগ্ৰগতি, বায় ৰিফাইনেৰীৰ কাম কাজৰ অগ্ৰগতিৰ লগতে নুমলীগড় শোধনাগাৰে ৰাজহুৱা স্বাৰ্থত গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনি সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় । নুমলীগড় শোধনাগাৰৰ মাজে সময়ে প্ৰকাশ পোৱা দুৰ্নীতি,কেলেংকাৰী অভিযোগ সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নিজস্ব অভিমতেৰে পৰিচালন সঞ্চালক ফুকনে কয় যে, নুমলীগড় শোধনাগাৰৰ আভ্যন্তৰীণ নিৰিক্ষণ ব্যৱস্থা অতি কঠোৰ । আমি সমাজৰ প্ৰতিবিম্ব । সমাজখনত সমালোচনা কৰা মানুহৰ অভাৱ নাই । কাম নকৰা মানুহেহে সমালোচনা কৰে । ঋণাত্মক মানসিকতাৰে আমাৰ সমাজখনৰ এচাম মানুহে কেৱল আনলৈ আঙুলি টোৱাই নিজেও একো নকৰে আৰু আনে কৰা ভাল কাম একোটাহঁতক সমালোচনা কৰাতে ব্যস্ত থাকে । কোনোবাই নিজৰ দক্ষতাৰে আগবাঢ়ি গ'লে ঈৰ্ষাকাতৰ হৈ তললৈ টানিবলৈ চেষ্টা কৰাটো আমাৰ মাজৰে বহুতৰে সহজাত প্ৰবৃত্তি । আমি নিজৰ স্বাৰ্থৰ কাম কৰা নাই । তাৰ মাজতো অৱশ্যে ভুল ক্ৰটি থাকিব পাৰে । কিন্তু ভাল কামবোৰক নস্যাৎ কৰি কৰা ঋণাত্মক প্ৰচাৰে সমাজৰ কাম কৰা মানুহক নিৰুৎসাহ কৰে । সংবাদ মাধ্যমৰ গঠনমূলক সমালোচনাক সদায়েই আদৰণি জনাব বুলি উল্লেখ কৰি সংশ্লিষ্ট সকলোৰে সহযোগিতাৰ প্ৰতি আহ্বান জনায় । সৌহাদ্যমূলক আলোচনাপৰ্বত গোলাঘাট সদৰৰ সাংবাদিকসকলে নুমলীগড় শোধনাগাৰৰ দক্ষ বিষয়া, পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনক বিশেষভাৱে সম্বৰ্ধনা জনায় । অনুষ্ঠানত নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুখ্য প্ৰৱন্ধক ড° কাজল শইকীয়া, মহাপ্ৰৱন্ধক মিণ্টু সন্দিকৈ, উপ-মহাপ্ৰৱন্ধক বিশ্বজিৎ বৰাই অংশগ্ৰহণ কৰে । অনুষ্ঠানত সদৰৰ জ্যেষ্ঠ সাংবাদিকসকলে বিভিন্ন পৰামৰ্শ আগবঢ়ায় ।