গোলাঘাটত মাধুৰ্যজিৎ বৰা সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা সম্পন্ন। গুৱাহাটী বিশ্ববিদ্যালয় শ্ৰেষ্ঠ। , গোলাঘাট ২৬ ফেব্ৰুৱাৰী। সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী নিষ্ঠাবান কৰ্মী তথা গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰয়াত মাধুৰ্য্যজিৎ বৰাৰ সোৱৰণত গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি এখনি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত আয়োজন কৰা এই তৰ্কৰ প্ৰতিযোগিতাৰ বিষয় আছিল " সদনৰ মতে অবাধ বাল্যবিবাহ প্ৰচলনৰ বাবে অনগ্ৰসৰ অৰ্থনৈতিক অৱস্থাই দায়ী।" এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ ১৭ টা দলে অংশগ্ৰহণ কৰে। আজিৰ এই তৰ্ক প্ৰতিযোগিতাৰ ফলাফল এনেধৰণৰ শ্ৰেষ্ঠ তাৰ্কিক: শতাব্দী হাজৰিকা,ডিব্ৰুগড় বিশ্ববিদ্যালয় দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক: অনল অংকুশ বৰা,গুৱাহাটী বিশ্ববিদ্যালয় তৃতীয় শ্ৰেষ্ঠ তাৰ্কিক: আশীষ বৰুৱা,গুৱাহাটী বিশ্ববিদ্যালয় শ্ৰেষ্ঠ দল: গুৱাহাটী বিশ্ববিদ্যালয় দ্বিতীয় শ্ৰেষ্ঠ দল: কটন বিশ্ববিদ্যালয় তৃতীয় শ্ৰেষ্ঠ দল: জগন্নাথ বৰুৱা মহাবিদ্যালয়,যোৰহাট।