বসন্ত কালৰ আগমন ৰ লগে লগে গছে বনে নতুন কুঁহিপাত মেলে।ফাগোনৰ পছোবাই আচল উৰুবাই মানুহৰ মন প্ৰান উৎফুলিত কৰি তুলে।

এই উৎসবৰে মানৱ মনক শান্তি ৰ নিৰ্বাসন বিলোবাৰ উদ্দেশ্য ৰে বিগত বৰ্ষ ৰ দৰে এই বছৰো ৰহাৰ চাপৰমুখ পশ্চিম কচুবা স্থিত দৌল মন্দিৰ ত অহা ৬ মাৰ্চৰ পৰা তিনি দিনীয়া ধৰ্মীয় কাৰ্য্য সূচীৰে ৭৭ তম্ বাৰ্ষিক শ্ৰীশ্ৰী দৌল গোবিন্দ উৎসৱ উদ্ যাপন ৰ প্ৰস্তুতি কৰিছে নামঘৰ আৰু দৌল মন্দিৰ পৰিচালনা আৰু দৌল  উৎসব পৰিচালনা সমিতিয়ে।

     নামঘৰ আৰু দৌল মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি শৰৎ বৰা,উপ সভাপতি মলিন চন্দ্ৰ বৰা ,সম্পাদক ফুনু শৰ্মা আৰু দৌল উৎসব পৰিচালনা সমিতিৰ সভাপতি প্ৰমোদ বৰা আৰু সম্পাদক ইন্দ্ৰ কুমাৰ বৰাই জানিবলৈ দিয়ে মতে ৬ মাৰ্চ ত পুৱা ৭ বজাত দৌল উৎসব ৰ  শুভাৰম্ভ,১০ বজাত পতাকা উওোলন কৰিব নগাঁও জিলা পৰিষদ ৰ সভাপতি প্ৰমোদ লস্কৰ আৰু স্মৃতি তৰ্পন কৰিব দৌল মন্দিৰ পৰিচালনা সমিতিৰ উপ  সভাপতি মলিন চন্দ্ৰ বৰা।

সন্ধ্যা ৭ বজাত মেঘ দাহ আৰু অধিবাস।

  দ্বিতীয় দিন ৭ মাৰ্চত পুৱা ৬ বজাত উষা কীৰ্তন, ৭ বজাত জলযাত্ৰা,৯ বজাত মূল পুজা আৰম্ভ, দুপৰীয়া ১২ বজাত শ্ৰীশ্ৰী দৌল গোবিন্দ ৰ শিৰত ফাকু আৰু পুষ্পাঞ্জলী প্ৰদান।

১ বজাত হোমযঞ্জ আৰম্ভ,২ বজাত প্ৰসাদ বিতৰন আৰু অভ্যৰ্থনা অনুষ্ঠান।

   বিয়লী ৩ বজাত পূৰ্নাশ্হূতি প্ৰদান আশংসা শান্তি নিৰ্মালী আদি প্ৰদান।

সন্ধ্যা ৫ বজাত আৰতি,৬.৩০ বজাত নিমন্ত্ৰিত নামতি দল মনিকাঞ্চন নামতি দল (বঢমপুৰ) ৰ দ্বাৰা নাম  প্ৰসঙ্গ।

দৌল উৎসব ৰ  অন্তিম দিন ৮ মাৰ্চত পুৱা ৯ বজাৰ ভিতৰত শ্ৰীশ্ৰী দৌল গোবিন্দ প্ৰভুৰ বিহিত পূজা সমাপন,৯.৩০ বজাত হোলী উৎসৱ, ১ বজাত মহাপ্ৰভুৰ নগৰ ভ্ৰমন আৰু নিশা ৯ বজাত উৎসবৰ সামৰনি অনুষ্ঠান ।