নামতোলা থানাৰ প্ৰাঙ্গনৰ উন্নয়নৰ কামৰ শুভাৰম্ভ

অসম নাগালেণ্ড সীমান্তবৰ্তী অতি স্পৰ্শকাতৰ অঞ্চল হৈছে নামতোলা। সোণাৰি নগৰ কাষতে নামতোলা মন সংযোগী অতি ব্যস্ততা পূৰ্ণ ব্যৱসায়িক অঞ্চল । এই অঞ্চলত বিভিন্ন সময়ত নানা আইশৃংখলতা জনিত ঘটনাই বাতৰি শিৰোনাম দখল কৰে। সীমান্ত অঞ্চলৰ উন্নয়নৰ অংশ হিচাপে সীমান্ত বৰ্তী ৰাইজৰ নিৰাপত্তা দিশলৈ লক্ষ্য ৰাখি আজি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে নামতোলা আৰক্ষী থানাৰ পৰিত্যক্ত চৌহদ উন্নয়নৰ বাবে m g m r e g a আঁচনিৰ অধিনত মাটি ভৰোৱা কামৰ শিলা ন্যাস কৰে। টাওকাক গাঁও পঞ্চায়তৰ সভানেত্ৰী নিতুমনি প্ৰধান ডাঙৰীয়ানী ৰ সভাপতিত্বত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত সভাত নামতোলা অঞ্চলৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰা লগতে সমাধানৰ ওপৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মন্তব্য আগবঢ়ায়। প্ৰায় দেৰ শতাধিক ৰাইজ উপস্থিত থকা সভাখনত উপস্থিত থাকে আঞ্চলিক পঞ্চায়তৰ সদস্য বিতু মৈত্ৰ, চৰাইদেউ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সবিতা দাস, নামতোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আমিৰ হামজা, চাফ্ৰাই মন্ডলৰ সভাপতি অৰ্জুন চেত্ৰী, চৰাইদেউ জিলা চাহ জনগোষ্ঠী মৰ্চাৰ কোষাধ্যক্ষ শ্যামল নায়ক, সমাজকৰ্মী গিৰিণ গগৈ, তিলকান্ত কাৰ্কী, দিল বাহাদুৰ ৰাউত চেত্ৰী ৰ লগতে দলীয় কাৰ্যকৰ্তা সকল উপস্থিত আছিল।