চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সংবাদ মেল।

চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সংবাদ মেল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আদানী সম্পৰ্কে এই সংবাদ মেল। বৃহস্পতি বাৰে সোণাৰি ৰাজীৱ ভৱনত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিয়ে জিলা সভাপতি অনুজ বৰকতকীৰ নেতৃত্বত এখন সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলখনত নিবনুৱা সমস্যা সমাধান নোহোৱাৰ অভিযোগ কৰে কংগ্ৰেছে। আদানীৰ চেয়াৰ নামি অহাৰ বাবে এল আই চি আৰু ষ্টেট বেংকৰ যি ক্ষতি হৈছে সেয়া চৰকাৰে দ্ৰব্য মূল্য বৃদ্ধি কৰি জনসাধাৰণৰ পৰা সংগ্ৰহ কৰিব বিচাৰিছে বুলি অভিযোগ কৰে সংবাদ মেলতখনৰ জড়িয়তে। বিজেপিয়ে সাম্প্ৰদায়িক মনোভাবেৰে দেশখন ভাগ ভাগ কৰি নিবনুৱা সমস্যা সমাধান নকৰি দ্ৰব্য মূল্য বৃদ্ধি কৰি জনসাধাৰণক মাধমাৰ মাৰিছে বুলিও কয়। প্ৰধানমন্ত্ৰী মোডীয়ে নিৰ্বাচনৰ সময়ত চুইচ বেঙ্কত ভাৰতীয় লোকৰ অবৈধ টকাসমূহ বাজেয়াপ্ত কৰি জনসাধাৰণক দিয়াৰ কথা কি হ'ল উত্তৰ বিচাৰে। লগতে উল্লেখ কৰে যে, ব্যক্তিগত লাভালাভৰ বাবে দেশৰ ৰাজহুৱা সম্পত্তিসমূহ আপোন ব্যৱসায়িক বিক্ৰী কৰি আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে । এনে বহু কেইটা অভিযোগ তুলি ৰাজ্যিক কংগ্ৰেছৰ লগতে চৰাইদেউ জিলা কংগ্ৰেছ কমিটিয়ে জিলা ৰাজীৱ ভৱনত এই সংবাদ মেল সম্বোধন কৰে।