গোলাঘাটৰ আঠখেলীয়া সৰু কছাৰী গাওঁত কৃষি বিভাগৰ কৰ্মশালা সম্পন্ন। গোলাঘাট জিলাৰ পদুমনী উন্নয়ন খণ্ডৰ অন্তৰ্গত সৰু কছাৰী গাওঁত আজি 'চাউলৰ গুণগত মানদণ্ড' সন্দৰ্ভত এখন কৰ্মশালা অনুষ্ঠিত হয়। এপাৰ্ত ৰ উদ্যোগত জিলা কৃষি বিভাগে আয়োজন কৰা কৰ্মশালা খনত সমল ব্যক্তি হিচাপে অংশগ্ৰহন কৰে মহকুমা কৃষি বিষয়া ৰঞ্জন বৰুৱাই । তেওঁ সৰু কছাৰী গাঁওৰ কৃষক সকলক চাউলৰ ব্ৰেণ্ডিং, মানদণ্ড নিয়ন্ত্ৰণ, চাউলৰ বজাৰ সংযোগৰ বেৱস্থাপনা আদি বিষয়ত বিশদভাৱে আলোচনা কৰে। আঠখেলীয়া এগ্র ফাৰ্মাৰ প্রদুচৰ কোম্পানীৰ সহযোগত অনুষ্ঠিত কৰা কৰ্মশালা খনত আন্তৰাষ্ট্ৰীয় ধান গৱেষনা প্ৰতিষ্ঠানৰ ধান বিশেষজ্ঞ সৌৰজ্যোতি বৈশ্য উপস্থিত থাকি ধানৰ আদ্ৰতা, ধান খেতিৰ উৎপাদন বৃদ্ধি, কৃষি যান্ত্ৰীকৰণ, ধানৰ গুণগত মান, ধানৰ মূল্য সংযোজক আদি বিষয়ত বক্তব্য প্ৰদান কৰে। আজিৰ এই কৰ্মশালা খনত ধান খেতিৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত কৰ্মসূচী বিষয়া ড: অমৰজিত শইকীয়াই কৃষক সকলৰ সৈতে মত বিনিম়য় কৰে।আজিৰ কৰ্মশালা খনৰ অন্তত ভাম্যমান ধান বনা কলত কি দৰে ধান বনোৱা হয় এই সন্দৰ্ভত খেতিয়ক সকলক কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰে। উল্লেখযোগ্য যে আজিৰ এই সভাত জিলা কৃষি বিভাগৰ হৈ সংবাদ বিশেষজ্ঞ ভাৰ্গব শইকীয়া, সামাজিক ক্ষেত্ৰ ততাধায়ক ময়ুৰি বৰা, ব্লক টেকনলজি মেনেজাৰ আব্দুছ ছালাম আৰু মৌচমজ্যোতি দত্ত উপস্থিত থাকে। আজিৰ কৰ্মশালা খনত প্ৰায় অৰ্ধ শতাধিক কৃষকে অংশগ্ৰহন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
India Shelter Finance IPO|Where Will the Raised Capital be Utilized? Management reveals| GoodReturns
India Shelter Finance IPO|Where Will the Raised Capital be Utilized? Management reveals| GoodReturns
Shivsena Special Report | शिवसेना भाजपनेच फोडली?; नक्की काय आहे कारण?, पाहा व्हिडीओ
Shivsena Special Report | शिवसेना भाजपनेच फोडली?; नक्की काय आहे कारण?, पाहा व्हिडीओ
Evening News: आज तक की बड़ी खबरें विस्तार से | Top Headlines Today | Awaaz Samachar | CNBC Awaaz
Evening News: आज तक की बड़ी खबरें विस्तार से | Top Headlines Today | Awaaz Samachar | CNBC Awaaz
जब चुनाव आयोग के फ्लाइंग स्क्वाड ने ली कर्नाटक के सीएम की कार की तलाशी।
कर्नाटक में विधानसभा चुनाव का बिगुल बज चुका है। चुनाव आयोग ने मतदान और इसके नतीजे की तारीख का...