৭৫ সংখ্যক স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ আহ্বান জনাইছে নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাঃ)এ। তদুপৰি ১৫ আগষ্টৰ দিনটো অসম বন্ধৰো আহ্বান জনাইছে।
১৪ আগষ্টৰ মাজনিশাৰ পৰা ১৫ আগষ্টৰ সন্ধিয়া ৬ বজালৈ অসম বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে।
অৱশ্যে সংগঠনটোৱে জৰুৰীকালীন সেৱা, সংবাদ মাধ্যম, ধৰ্মীয় অনুষ্ঠান বন্ধৰ পৰা ৰেহাই দিয়া হৈছে বুলি আলফা (স্বাঃ), এন এছ চি এন আৰু জি পি আৰ এনৰ যৌথ বিবৃতিত কোৱা হৈছে।
অসম ‘কেতিয়াও উপনিৱেশিক ভাৰতৰ অংশ নহয়’ বুলি মন্তব্য কৰি সংগঠনটোৱে অসমত স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত আপত্তি দৰ্শাই।