*সমন্বয়ৰ বাৰ্তা বিলাই সামৰণি পৰিল সদৌ অসম ছাক-লী দেওধাই বংশাৱলীৰ*
==================:- আহোম সকলৰ পুৰোহিত শ্ৰেণীৰ অন্যতম দেওধাই সকলৰ ফৈদ ছাক্-লী দেওধাই সকলৰ উমৈহতীয়া মঞ্চ সদৌ অসম ছাক্- লী দেওধাই বংশাৱলীৰ চতুৰ্থ সংখ্যক অধিৱেশনখনি দেওবাৰে সামৰণি পৰে ।
টেঙাপুখুৰী সমীপৰ ধামধূলি চেতিয়া গাঁৱত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বংশাৱলীৰ কাৰ্যসূচী অনুসৰি শনিবাৰে সন্ধিয়া আদৰণি সমিতিৰ তোৰণ উদ্ঘাটন কৰে সদৌ অসম ছাক -লী দেওধাই বংশাৱলীৰ সভাপতি সুৰেণ বৰুৱাই ।
ইয়াৰ পাছতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বংশধৰৰ প্ৰতিনিধিসকলে বন্তি প্ৰজ্বলন কৰে । প্ৰতিনিধি শিবিৰ মুকলি কৰে জ্যেষ্ঠ বংশধৰ বসন্ত বৰুৱাই ।
ইয়াৰ পাছতে সুৰেণ বৰুৱাৰ পৌৰোহিত্বত প্ৰতিনিধি সভা সম্পন্ন হয় ।
নিশালৈ উদীয়মান শিল্পী চিৰঞ্জীৱ ফুকনে গীত পৰিৱেশন কৰে ।
বংশাৱলীৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি দেওবাৰে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে সভাপতি সুৰেণ বৰুৱাই ।
মৈদাম তৰ্পন কৰে ঠানুৰাম বৰুৱাই ।
টাই পণ্ডিত তিলেশ্বৰ মহনৰ নেতৃত্বত ডামফি পূজাৰ পাছতে দুপৰীয়ালৈ সুৰেন বৰুৱাৰ পৌৰোহিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত পাটসাঁকো কনিষ্ঠ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা মুকুল চেতিয়াই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে ।
চেতিয়াই ভাষণ প্ৰসংগত আহোম সকলৰ ৰীতি-নীতি, পৰম্পৰাসমূহ একমাত্ৰ মহন-দেওধাই-বাইলুং সকলেহে নিৰৱচ্ছিন্নভাৱে ধৰি অহা বুলি মন্তব্য কৰে ।
বংশটোৰ পুৰুষনামাখন উন্মোচন কৰে মহন-দেওধাই-বাইলুং সন্মিলন,অসমৰ সভাপতি ৰোহিনী মহনে ।
অনুষ্ঠানত মহন -দেওধাই-বাইলুং সন্মিলনৰ সাধাৰণ সম্পাদক হীৰেণ ফুকনো উপস্থিত থাকে । ইয়াৰ আগেয়ে সভাখন উদ্বোধন কৰে বিহু সুৰক্ষা সমিতি, অসমৰ সম্পাদক পবিত্ৰ মহন ফুকনে ।
সভাত আদৰণী ভাষত আগবঢ়ায় উদযাপন সমিতিৰ সভাপতি ৰোহিত বৰুৱাই ।
অনুষ্ঠানত বংশৰ আশীৰোৰ্ধ কেইবাগৰাকী ব্যক্তিৰ লগতে উচ্চ শিক্ষাৰে শিক্ষিত যুৱক-যুৱতীসকলকো বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
=========<<=<<======