চৰাইদেউ জিলাৰ সাপেখাটীত ৰেল বিভাগৰ ভূমিত অবৈধ ভাবে বসবাস কৰি অহা প্ৰায় ডেৰ শতাধিক পৰিয়ালক উচ্চেদ অভিযান চলাইছে । ৰেল বিভাগৰ কৰ্মচাৰীৰ লগতে আৰক্ষী , অদ্ধসামৰিক বাহিনীৰ বৃহৎ অভিযান । 

মুঠ ১০৬ টা বাসগৃহ উচ্চেদ কৰা হয় । নামঘৰ আৰু মন্দিৰ , দোকান , বাসগৃহ ত অবৈধ ভাবে ৰেল বিভাগৰ ভূমিত সাজি ৰাখিছিল । ৰেল বিভাগৰ উন্নয়নৰ বাবে এই উচ্চেদ অভিযান চলাইছে বুলি বিভাগে জনাইছে ।