বহিঃৰাজ্যত বিহু বিকৃত কৰণকাৰ্যক লৈ অসম চৰকাৰক চেঞ্চৰ বৰ্ড গঠনৰ আহ্বান, লগতে বিশ্বৰেকৰ্ডৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপক আদৰণি বিহু সুৰক্ষা সমিতিৰ সাংস্কৃতিক সম্পাদক প্ৰদীপ গগৈৰ। "
মৰাণৰ লোকসংস্কৃতিৰ সাধক, বিহুৱা, বিহু সুৰক্ষা সমিতিৰ সাংস্কৃতিক সম্পাদক প্ৰদীপ গগৈয়ে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰৰ লগতে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন বিহু মঞ্চত কাঁহী ঘুৰুৱা বিহু নাচ প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰাৰ লগতে বিভিন্নজনক বিহু নাচৰ প্ৰশিক্ষণ দি এই কলা সংস্কৃতি জীয়াই ৰখাৰ এক চেষ্টা অব্যাহত ৰাখিছে। সমান্তৰালকৈ বিগত বৰ্ষকেইটাত দৰংত বিহুৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল প্ৰদীপ গগৈয়ে। প্ৰদীপ গগৈৰ বিহু প্ৰশিক্ষণৰ যোগেদি গুণমুগ্ধ হৈ মৰাণস্থিত প্ৰদীপ গগৈৰ বাসগৃহত দৰঙৰ চিপাঝাৰৰ সাঁচিপাত বিহুদল আৰু দৰং জিলাৰ অন্তৰ্গত চিপাঝাৰ আঞ্চলিক বিহু সুৰক্ষা সমিতিয়ে যৌথভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে অসম চৰকাৰে বিহুক বিশ্বৰেকৰ্ড গঢ়াৰ উদ্যেশ্যে লোৱা পদক্ষেপক আদৰণি জনোৱাৰ লগতে বহিঃৰাজ্যত বিহু বিকৃত ৰূপত প্ৰদৰ্শনৰ কৰাৰ ৰোধৰ বাবে অসম চৰকাৰে এখন চেঞ্চৰ বৰ্ড গঠন কৰিবৰ বাবে আহ্বান জনাই বিহুৱা তথা বিহু সুৰক্ষা সমিতিৰ সাংস্কৃতিক সম্পাদক প্ৰদীপ গগৈয়ে।