অবিভক্ত শিৱসাগৰ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি,নৱগঠিত চৰাইদেউ জিলা কংগ্ৰেছৰ উপ সভাপতি ,সোণাৰি উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি ,জেষ্ঠ কংগ্ৰেছ নেতা,সমাজ সংগঠক , স্থানীয় ক্ৰিয়া সংগঠন ষ্টাৰ ইলেভেন ক্লাৱৰ সভাপতি ,প্ৰাক্তনমন্ত্ৰী তথা সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক অসমৰ জেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকী দেৱৰ ঘনিষ্ঠ বন্ধু দিলীপ গগৈ দেৱৰ আজি সোণাৰিস্থিত নিজা বাসগৃহত ৮৫ বছৰ বয়সত পৰলোকপ্ৰাপ্তি হয় ৷বিশিষ্ট কংগ্ৰেছ নেতা গৰাকীৰ বিয়োগত প্ৰাক্তন মন্ত্ৰী তথা সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক শৰৎ বৰকটকী দেৱে গভীৰদেৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

ইয়াৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক উৎপল গগৈ দেৱে প্ৰদেশ কংগ্ৰেছ আৰু চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ হৈ জিলা কংগ্ৰেছৰ সভাপতি অনুজ বৰকটকী,জিলা কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি পৱিত্ৰ শইকীয়া,জিলা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী ৰুণু সন্দিকৈ য়ে দলীয় পতাকাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷দিলীপ গগৈ দেৱৰ দেহাৱসানে সোণাৰি কংগ্ৰেছ দলৰ এক বৃহৎ ক্ষতি কৰিলে বুলি দলীয় নেতা সকলে ব্যক্ত কৰে ৷